অভিযন্তা চুমিন্দ্ৰ চৌধুৰীৰ সৈতে সাক্ষাৎকাৰ- সাক্ষাৎ গ্ৰহণ ৰিংকু ৰাজোৱাৰ

Rinku Rajowar
0
১/ প্ৰথমে আপোনাৰ সম্পূৰ্ণ পৰিচয়তো জনাব।
উত্তৰ : মোৰ নাম:-চুমিন্দ্ৰ চৌধুৰী
পিতৃ /মাতৃ:- পিতা স্বৰ্গীয় ব্যোমকেশ চৌধুৰী আৰু মাতৃ প্ৰেমলতা চৌধুৰী
জন্মৰ তাৰিখ আৰু ঠাই :- ২০ অক্টোবৰ ১৯৭৭ চন ৷ মোৰ  জন্ম স্থান দৰং জিলাৰ কুৰুৱা ৷

শিক্ষা:- ২০০ চনতে মই NERIST ( North Eastern Regional Institute of Science and Technology, Itanahar, Arunachal Pradesh) ৰ পৰা  মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰিছিলো ৷

বিবাহিত জীৱন :-মোৰ পত্নী সূৰুজস্মিতা আৰু  জীয়ৰী  শ্ৰেয়াংশীৰে মোৰ তিনিজনীয়া সংসাৰ ৷

২/আমি জনাত আপুনি অসমৰ বাহিৰত বৰ্তমান বসবাস কৰে সেই সম্পৰ্কে অলপমান জনাব । 

উ : কৰ্মক্ষেত্ৰ :-বিগত কুৰি বছৰত ইংগাৰচল ৰেন্ড, ভলভো আৰু জেচিবি আদি বহুজাতিক কোম্পানীত কাম কৰাৰ পাছত ২০২০ চনৰ পৰা জাপানৰ কোবেল্কো নামৰ কোম্পানীটোৰ নয়ডা স্থিত কাৰ্যালয়ত কৰ্মৰত হৈ আছো ৷ কৰ্ম সুত্রে বৰ্তমান মই  মোৰ পৰিয়াল সহ নয়ডা চহৰৰ বাসিন্দা ৷
৪/ সাহিত্যৰ ক্ষেত্ৰখনৰ লগত আপুনি কেতিয়াৰ  পৰা জড়িত ?

উ: ১৯৯২ চনত মেট্ৰিক পৰীক্ষাৰ পাছতেই মোৰ গাওঁত জীৱনৰ প্ৰথম খন তিনিমহীয়া বিজ্ঞান বাতৰি কাকত "চিগমা " প্ৰকাশ কৰিছিলো, ১৯৯৪ চনত গুৱাহাটীৰ পৰা প্ৰকাশিত অমৰজ্যোতি বাতৰি কাকতত সেউজীয়া মানুহ বুলি এখন বিজ্ঞানভিত্তিক ধাৰাবাহিক উপন্যাস প্ৰকাশ পাইছিল,  নেৰিষ্টত পঢ়ি থকাৰ সময়তে চনতে ১৯৯৮ চনত মোৰ জীৱনৰ প্ৰথম খন গল্প সংকলন "এখন চিঠি' প্ৰকাশ কৰাৰ পাছত মোৰ সাহিত্য জগতৰ লগত সম্পৰ্কই নোহোৱাৰ দৰে হৈ পৰিছিল ৷ কৰোনা মহামাৰীৰ ভয়াবহতাৰ মাজত ঘৰত সোমাই থাকিব লগা হোৱাত পুনৰ সাহিত্যৰ জগত খনৰ লগত জড়িত হৈ পৰিলো ৷ মই ভ্ৰমণ বিলাসী মানুহ আৰু সৌভাগ্যবশত বৃত্তিগত সুত্রে দেশ বিদেশ যাবলৈ সুযোগ পাও ৷ যেতিয়াই দেশ বিদেশ ভ্ৰমণ কৰিছো তেতিয়াই গল্প আৰু কবিতা লিখিবলৈ যাত্ৰাকালত উপলব্ধ হোৱা সমল সমূহ যুগুতাই লিখিবলৈ চেষ্টা কৰিছো ৷ যোৱা ছমাহৰ ভিতৰত ৩৫টা ভিন্নস্বাদৰ গল্প, পাঁচখন দেশৰ  ভ্ৰমণ কাহিনীৰ লগতে দুখন ধাৰাবাহিক উপন্যাসো সামাজিক মাধ্যমৰ যোগেদি প্ৰকাশ কৰিছো  ৷ বিতংকৈ পঢ়িব বাবে ' এজন সাহিত্য অভিযন্তাৰ আত্মকথা' নামৰ মোৰ ফেচবুক পেজটো সন্মতিত কৰি লব পাৰে ৷

৫/ আমি জনাত আপোনাৰ লেখা আমাৰ আলোচনীখনত  প্ৰকাশ পোৱাৰ উপৰিও অন্যান্য বহুতো মাধ্যমত প্ৰকাশ পাইছে । ইয়াৰ প্ৰথম আৰম্ভণিটো কত, কেতিয়া হৈছিল?

উ:  বিগত কুৰি বছৰ সাহিত্য চৰ্চাৰ পৰা আতৰি থকাৰ পাছত যোৱা বছৰ আগষ্ট মাহত মোৰ গাঁৱৰ লুইতপৰীয়া সাহিত্য সভাৰ Watsapp গোটত পুনৰ অনুগল্প লিখিবলৈ  আৰম্ভ কৰিছিলো ৷ লেখাবোৰৰ বাবে পাঠকৰ সমাদৰ পাই উৎসাহিত হৈ এই যাত্রা এতিয়া অব্যাহত ৰাখিছো ৷

৬/ আপোনাৰ দৃষ্টিত প্ৰকাশৰ মাধ্যম হিচাপে কোনটো মাধ্যম বেছি উপযোগী ই-মাধ্যম নে ছপা মাধ্যম এই সম্পৰ্কে আপোনাৰ মতামত জনাব ।

উ: সাম্প্ৰতিক কালত ই মাধ্যম আৰু ছপা মাধ্যম দুয়োটা প্ৰকাশ মাধ্যমেই বহু উপযোগী ৷ ই মাধ্যমৰ সমাদৰ লাহে লাহে আমাৰ সমাজত বৃদ্ধি পাবলৈ ধৰিছে ৷ ছপা মাধ্যমতকৈ ই মাধ্যমৰ জৰিয়তে যিকোনো তথ্য কম সময়ৰ ভিতৰতে বহুত লোকলৈ সম্প্ৰসাৰিত হ'ব পাৰে ৷ 

৭/ বৰ্তমানলৈকে আপোনাৰ কিবা গ্ৰন্থ প্ৰকাশ হৈছে নেকি যদি হৈছে এই বিষয়ে অলপমান জনাব ।

উ : আগৰ প্ৰশ্ন এটাৰ উত্তৰত ইতিমধ্যেই জনাইছো  যে ১৯৯৮ চনতে মোৰ জীৱনৰ প্ৰথমখন গল্প পুথি ' এখন চিঠি ' প্ৰকাশ পোৱাৰ পাছত মোৰ সাহিত্য চৰচাৰ জগতৰ লগত সম্পৰ্ক প্ৰায় নাইকিয়াই হৈ পৰিছিল ৷ বৰ্তমান মোৰ এখন ঊপন্যাস সংকলন 'বিহংগম ' গল্প সংকলন ' এজন সাহিত্য অভিযন্তাৰ আত্ম কথা আৰু 'মোৰ গাঁও মোৰ মানুহ নামৰ স্মৃতিলেখা এখন ছপাশালত মুদ্ৰিত বাব দিয়া হৈছে ৷ অহা গ্ৰন্থ মেলাত পাঠকৰ হাতত তুলি দিব  চেস্তা কৰিম ৷
৮/ সাহিত্যৰ ক্ষেত্ৰখনত আপোনাৰ কি অৱদান আছে? ভৱিষ্যতে সাহিত্যৰ ক্ষেত্ৰখনৰ বাবে আপুনি কি কৰিব বিচাৰে? 

উ : বৰ্তমান সময়লৈ অসমীয়া  সাহিত্যলৈ মোৰ অৱদান তেনেই নগন্য ৷ 
       মই এজন যান্ত্ৰিক অভিযন্তা ৷ মানুহৰ মগজুৰ ঔৰসজাত সন্তান যন্ত্ৰবোৰে জীৱনৰ জটিল সমস্যাবোৰ সৰলভাৱে সমাধান কৰে ৷ মই বেদনাত জৰ্জ্জৰিত হৈ  অবুজ ভাষাৰে গুজৰি গোমৰি থকা যন্ত্ৰবোৰৰ পৰিচৰ্য্যাৰ কৰি সুস্থ কৰি তোলো ৷ কেতিয়াবা আকৌ পৰিত্যক্ত অৱস্থাত পৰি থকা  নিমাত নিষ্প্ৰভ যন্ত্ৰবোৰক মই জীয়াই তোলো ৷ মোৰ দৃষ্টিত সাহিত্যও যন্ত্ৰৰ দৰেই ৷ কাগজৰ বুকুত জন্ম পোৱা মানুহৰ মগজুৰ ঔৰসজাত সন্তান সাহিত্যও নিমাত নিষ্প্ৰভ ৷ কিন্ত সেই সাহিত্যই  মানুহৰ মনত প্ৰাণ প্ৰাচুৰ্য্য কৰি তোলে, সুখ, দুখ, কষ্ট,   প্ৰেম, বিদ্বেষ, আৰু হিংসাৰ দাবানল ৷
সম’ আৰু ‘হিত’ – এই দুয়োটা শব্দৰ পৰাই সাহিত্য শব্দটোৰ সৃষ্টি হৈছে। গতিকে মই এজন প্ৰকৃত সাহিত্য অভিযন্তা ( literature Engineer) হিচাপে  সমাজৰ হিতৰ বাবে এখন সবল আৰু সতেজ  প্ৰজ্ঞাৰে সমাহিত সাহিত্য সৃষ্টি কৰিবলৈ চেস্তা কৰিম ৷ 
৯/ গুগ'লত  বৰ্তমানলৈকে অসমীয়া ভাষাতো স্বীকৃতি নোপোৱাৰ কাৰণ কি বুলি ভাবে?

উ : ইয়াৰ একমাত্ৰ কাৰণ হ'ল এই ক্ষেত্ৰত অসম চৰকাৰ আৰু অসম সাহিত্য সভাৰ উদাসীন স্থিতি ৷ অসম সাহিত্য সভাৰ মজিয়াখন এচাম ৰাজনৈতিক নেতাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বোকাময় কৰি পেলালে ৷ সেই বাবেই বোধহয় এনেধৰনৰ গঠনমূলক চিন্তাৰ কোনো অবতাৰণা ন'হল ৷
১০/ অসমীয়া সাহিত্যৰ চানেকি ই আলোচনীখন পঢ়ি কেনেকুৱা পাইছে এই সম্পৰ্কে অলপমান জনাব ।আলোচনীখনৰ বাবে আপুনি কি পৰামৰ্শ আগবঢ়াব?
উ: অসমীয়া সাহিত্যৰ চানেকি ই মেগাজিনখনতেই মোৰ প্ৰথম লেখা প্ৰকাশ পাইছিল ৷ এই আলোচনীখনৰ পাতত প্ৰকাশিত লেখা সমূহ অতি উচ্চ মানদণ্ডৰ আৰু সময়োপযোগী ৷ সেই কাৰণে পঢ়ি ভাল পাও ৷  শিশুৰ বাবে এটা বিশেষ খিতান ৰাখিলে আলোচনীখনৰ আৰু সৌষ্ঠব বাঢ়িব বুলি মই ভাবো ৷

সদৌ শেষত আলোচনীখনৰ সকলো কৰ্মকৰ্তা, সদস্য বৃন্দ আৰু পঢ়ুৱৈ সকললৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷


সাক্ষাৎ গ্ৰহণঃ 
ৰিংকু ৰাজোৱাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)