অণুগল্প আৰু লিখক-পূর্ণিমা বেজবৰা

©Admin
0
আজিৰ যুগ বিজ্ঞানৰ যুগ ৷ মানুহৰ জীৱনবোৰ ব্যস্ততাৰে ভৰা ৷ অবাবত একমিনিটো ৰ’বলৈ  সময় নাই মানুহৰ .....তাতে আৰু গল্প কবিতা পঢ়াৰ নামত ঘন্টাৰ পিছত ঘন্টা সময় খৰচ কৰে কেনেকৈ ! 

     কৰ্মৰত জীৱনৰ বাবে একমিনিট জিৰণিৰো যথেষ্ট মূল্য আছে ৷ কিন্তু আজিৰ ব্যস্তময় পৃথিৱীখনে মানুহক জিৰণিৰ একমিনিটতো কিবা এটা কৰাইছে ....মানুহে কৰিবলৈ বাধ্য হৈছে ৷ নহ’লে সৃষ্টিৰ পথাৰখনত পঢ়ুৱৈৰ অভাৱত তেনেই ছন পৰি ৰ’ব  দেখোন ! 
     সময়ৰ হিচাপ বহীত অংক কৰি কৰি আজিৰ লেখক সকলো বৰ সচেতন হৈ উঠিল ৷ দীঘলীয়া লেখা পঢ়িবলৈ যিহেতু মানুহৰ সময় নাই গতিকে লেখাসমূহ যিমান পাৰে চমুকৈ প্ৰকাশ কৰাৰ প্ৰয়াস কৰিবলৈ ধৰিলে ৷ এইক্ষেত্ৰত গল্পকাৰ সকলেও বিকল্প ব্যৱস্থা হিচাপে অণুগল্পৰ পৃথিৱীখন নিৰ্বাচন কৰি ল'লে ৷ চুটি গল্পৰ সৃষ্টি আজি হেৰাই যোৱাৰ দৰেই হৈছে .... ক’ৰবাত এটা দুটা ,  যেনেকৈ এপাচি শাকত এটা জালুক ....৷ অন্যহাতে অণুগল্পৰ পথাৰখন লেখকৰ প্ৰাচুৰ্য্যৰে ভৰি পৰিছে ৷ অৱশ্যে লেখকৰ তুলনাত সঠিক অৰ্থত পঢ়ুৱৈৰ সংখ্যা তেনেই নগন্য ৷ লাইক কমেণ্ট কৰিলেই আচলতে সঁচা অৰ্থত পঢ়া বুলি ক’ব নোৱাৰি ৷ সঁচা অৰ্থত গল্প এটা বা অন্যান্য লিখনি পঢ়িলে আমাৰ মন্তব্য আলোচনামূলক অথবা সমালোচনামূলক হ’ব লাগিব  ৷ তদুপৰি ভাল লগা বুলি  ক’লেও কোনটো কথাৰ বাবে ভাল লাগিল সেইটো স্পষ্টকৈ ক’ব ,  লিখিব বা জনাব পাৰিব লাগিব অথবা গল্পটো সফল নহ’লে সেই কথাটোও বিজ্ঞজনে ক’বলৈ কুণ্ঠাবোধ কৰিব নালাগিব  কিয়নো ন’কলে লিখক জনক ভুলকৈ সুন্দৰ হৈছে বুলি প্ৰশংসা কৰিলে তেওঁ নিজৰ ভুলটো বুজি নোপোৱাৰ ফলত লেখাবোৰ ভুল গতিতে আগুৱাই গৈ থাকিব ৷ এনেবোৰ দৃষ্টিভংগীৰ পৰা পঢ়ুৱৈৰ সংখ্যা অত্যন্ত ক’ম বুলি ভৱা হৈছে ....

‌     গল্প এটা চুটিকৈ লিখিলেই অণুগল্প নহয়  .... ৷ অণুগল্পত গল্পৰ কথা কাহিনী সংকেতসূচক হ’ব লাগে অৰ্থাৎ অণুগল্পত গল্পকাৰৰ বৰ্ণনাৰ পৰিসৰৰ অভাৱ ৷ তেওঁ খুউৱ কম পৰিসৰৰ ভিতৰত শব্দৰ  মাথো সংকেতহে দিব , কথা ঘটনাৰ ছবিখন পাঠকে নিজেই তৈয়াৰ কৰি মনৰ মাজতে আঁকি  ল’ব লাগিব ৷ অৰ্থাৎ অণুগল্পত গল্পকাৰৰ কাম কম পাঠকৰ কাম বেছি ৷  

‌    আজিকালি অণুগল্পৰ লেখক সকল যথেষ্ট বৃদ্ধি পাইছে ৷ বিশেষকৈ ফেচবুকৰ মঞ্চত আমি প্ৰতিদিনে প্ৰায় শ কিম্বা হাজাৰৰ ঘৰত অণুগল্প সৃষ্টি হোৱা দেখিবলৈ পাওঁ , আৰু কিছুমান গল্প সঁচাকৈ বৰ মনোৰম ৷ তাৰ বিপৰীতে কিছুমান কথা ঘটনাৰ বৰ্ণনা মাথোঁ , সঁচা অৰ্থত সেইবোৰ অণুগল্প নহয় ! কিন্তু আমি তেনে গল্পৰ ক্ষেত্ৰতো সুন্দৰ মন্তব্যৰেই উৎসাহিত কৰি আহিছোঁ আৰু এইটো আমি সকলোৱে ভুল কৰিছোঁ ....গতিকে অণুগল্পৰ বৈশিষ্ট্য আৰু অণুগল্প লিখাৰ কৌশল জনাটো গল্পকাৰ সকলৰ বাবে বৰ প্ৰয়োজনীয় কথা হৈ পৰিছে ৷ বিশেষকৈ আমাৰ ফেচবুক গ্ৰুপবোৰত যিহেতু নিয়মীয়া শিতান হিচাপে অণুগল্পৰ  লেখাবোৰ লোৱা হয় ৷ এই হিচাপে  শিতানবোৰৰ এনে অনুষ্ঠানৰবাবে একোজন ভাল বিচাৰকো  থাকিব লাগে ৷ গল্প সমূহৰ আলোচনা সমালোচনা কৰা , ভুল শুদ্ধৰ নিৰ্দেশ কৰিব পৰা পৰিচালক থকাটোও দৰকাৰী কথা হৈ পৰিছে ৷ মই কাকো ব্যক্তিগত ভাৱে ক’ব বিচৰা নাই কিন্তু আমাৰ ভাষাটোৰ জাতিটোৰ স্বাৰ্থতহে ক’ব বিচাৰিছোঁ ৷ ভুল হৈছে যদি ক্ষমা কৰিব ৷

     অণুগল্প আৰু অণুগল্পৰ লিখক প্ৰসংগত মই মোৰ অলপ অনুভৱ ব্যক্ত কৰিলোঁ  ৷
 ধন্যবাদ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)