এটি ক্লান্ত জীৱনৰ আৰম্ভণি...!
উশাহৰ ঠিকনাত "বন্দীবদ্ধ" আকৌ
সেই বন্ধ পৃষ্ঠাবোৰ..!
পৰিমাপণ জানো সম্ভৱ ?
এলাগী এলাগী অনুভৱী "ব্যথাখ্যানৰ"...!
ভাৱনাৰ ৰমন্যাসিকতাবোৰো আজি,
অক্ষি "জলাবদ্ধ"...
নুফুলে মৰমৰ পদুমপাহ
অৱহেলাৰ বোকাত ।
"ক্লান্তকাশৰ" সীমনাক,
অশ্ৰু বৰ্ষাই জুখি জুখি ভাগৰি যায় অ'...!
সপোনপটত আহি...
দিঠকেও চোন দুহাতক ত্যাগী,
সময়ৰ সৈতে মিলিত হয় ।
জীৱন ভাঁজত,
নসজাও আৰু দুনাই...
আৱেগ জৰ্জৰিত ভগ্ন হৃদয়ৰ কৰুণ কাহিনীক...
হৈ থাকক, পৰিত্যক্ত হৈ...
আধালিখা অতৃপ্ত অনুভূতিবোৰ ।
নালাগে মনৰ চহৰখন ন ৰূপত...
উৱলি যোৱা পঁজাটিতেই লিখি যাম
তেজৰ শব্দবোৰ ।
জীৱনৰ পৰিপুৰ্তিৰ হিচাব
সময়বোৰে চাগে নিয়তিক দিব...!
ৰৈ থাকিব মাথোঁ,
তেজ মঙহৰ ক্ষন্তেকীয়া বান্ধোনে
সেই অন্তিমটো সিদ্ধান্তলৈ...!
আৰু এই ক্লান্তিময়তা...!
ইয়াৰ অন্ত নো ক'ত..?
ক'ত ইয়াৰ যতি...?
✍সংগীতা ডেকা,ৰঙিয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ