ৰাতিৰ আকাশ-ৰাজীৱ ৰাভা

©Admin
0
অ' মা ! অ' মা 
সৌৱা চোৱাচোন চোৱা
জোন ককাইটিয়ে ৰাতিৰ আকাশত 
জোনাকী পোহৰত 
তিৰ্‌বিৰাই জিলিকি থকা
সৰু সৰু তৰাফুলৰ
এখনি ধুনীয়া বাগিছাত 
বহি থকা দেখা পাওঁ ।
অ' জোন ককাইটি,অ জোন ককাইটি
তৰাবোৰৰ মাজত বহি
কিনো কথা পাতা
মোৰো মন যায়
আকাশলৈ গৈ
তোমাৰ স'তে মিলি
তৰাফুলৰ লগত মিতিৰালি পাতি
নতুন বন্ধুত্বৰ সম্পৰ্ক গঢ়ি তুলিবলৈ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)