জোৱানজন আকৌ উভতি আহিছিল
বহুতো সাজ-সজ্জাৰে, অস্ত্র-শস্ত্রেৰে
ফুলৰ মালাৰে
এখন সুসজ্জিত ভানত
জোৱানজন ঘৰলৈ উভতিছে
স্বদেশৰ নিৰ্ভীক মুখত
উজ্জ্বল মৃত্যুৰ শিখাৰে
এখন বগা কাপোৰেৰে ঢাকি অনা হ'ল
জোৱানজনক থৰ লাগি চাই ৰ'ল
মাতৃৰ উদং বুকুখনে
নিশ্চুপ হৈ তধা লাগি চাই ৰ'ল
চলচলীয়া চকুহালে
চেনেহীৰ উদং কপালখনে
পোনাকনে ঢাপলি মেলিছে
পাপাই তালৈ আনিব খোজা
মোবাইলটো ল'বলৈ,
স্বদেশৰ নিৰ্ভীক মুখৰ
উজ্জ্বল মৃত্যুৰ শিখাৰে প্ৰজ্বলিত
জোৱানজন ঘৰলৈ উভটিছে।
বিগ্রেডিয়াৰ সশস্ত্ৰ জোৱানহঁতৰ
বন্দুক - কামানৰ সশ্ৰদ্ধ সন্ধিক্ষনত
জোৱানজনক দেখা গ'ল।
বগা ধুনীয়া মুখখনে
যেন কিবা ক'ব খুজিছে
" মাটিৰ জয়গান।
"জয় আই অসম। "
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ