Homeকবিতা ক্লান্ত দিঠক-স্বাগতম বৰা September 13, 2021 0 শৰৎ কালৰ শেষ চন্দ্ৰটি ক্ৰমে বিবৰ্ণ হৈ আহিছিল,ত্ৰস্ত ৰাতিৰ নীলাহীন আকাশখনে মোৰ নিষ্প্ৰভ মৌনতাক উপেক্ষা কৰি ছটিয়াই দিছিল এমুঠি নীৰৱ এন্ধাৰ।মই মানি লৈছিলোঁ,হাৰি গৈছিলোঁনিশাৰ আভিজাত্যতাত...আৰু আঁউসীয়ে ছানি ধৰিছিলএখন তৰা বছা আকাশ,সেয়েহে হয়তো মোৰ ঠিকনাতআজি নাই স্নিগ্ধ জোনাক। Tags: কবিতা স্বাগতম বৰা