আকাশত সিঁচি ;
এন্ধাৰৰ পথে পথে
জীৱনৰ বন্তি জ্বলাই ।
স্বাৰ্থহীন জ্ঞানৰ দীপ্তি
উদাৰ হৃদয়ৰ বুকুত উজাৰি ;
সৰগী তৰা হৈ
জ্যোতিৰে পোহৰাই ।
প্ৰভাতে প্রভাতে গুৰুৰ প্ৰেৰণা
আৱেগ স্মৰণ ;
বুজনিৰ সহানুভূতিৰ
সফলতাৰ দুৱাৰ মোকলাই
হে নমস্য গুৰু :
তুমি নিজে এক বৃক্ষৰ দৰে
দুবাহু মেলি
বিষাদি ৰিক্ত বেদনাৰ
সোঁত নেওচি ।
জ্যোতিৰ জীৱন গঢ়া
তোমাৰ প্ৰতিজ্ঞাবদ্ধৰ সমাহাৰ
নাই কোনো পৰিসীমা ,
হে নমস্য গুৰু :
জীৱন যুঁজত তুমি
এক মাত্ৰ খনিকৰ ।
নাই দু-শাৰীত তোমাৰ
দূৰদৰ্শীতাৰ জ্ঞানৰ ব্যাখ্যা..
নিজে লিখা জ্ঞানৰ গ্ৰন্থ তুমি..
বিশ্ব ধৰণীৰ অৰ্থ বুজাই
নিবিড় শাৰদী আকাশৰ ;
মোৰ সৰগী সপোন শৰাই
জীৱন আলোকিত কৰা ।
হে নমস্য গুৰু :
তোমাৰ বাবে ধন্য এই জননী ।।
Nice 🙏
ReplyDelete🤔🤔🤔... শেৱালী...
ReplyDeleteকি বুলি মন্তব্য আগ বঢ়াও...
তোমাৰ প্ৰতিটো লিখনিত একো একোটা সাঁথৰ সোমাই থকা যেন লাগে...😊😊😊
ইমানেই কলো তোমাৰ লিখনিবোৰ পঢ়ি ভাল লাগে... 👌👌👌