শৰৎ-সাগৰিকা গোহাঁই

পংখী মৰাণ
0

প্ৰিয় আকাশখনত এতিয়া কুঁৱলীৰ কেনভাছ...
দূবৰিৰ কোলাত
আৱেগসিক্ত এটি নিয়ৰ পুৱা ।।
মৰম মৰম লগা...
নিহালীৰ ওমেৰে সজা...
অবিনশ্বৰ প্ৰতীক্ষাৰ অন্তত...
ঘূৰি আহিছে এটি অনাখৰী যুগ ।।
কুহেলিকা নহয় এয়া জীৱনৰ...
এয়াতো...এটি জীয়া সত্য সেউজীয়াৰ...।।
নিয়ৰ-শেৱালি... প্ৰিয়তমা
শেৱালি-নিয়ৰ... প্ৰিয়তম
নিয়ৰ-শেৱালিৰ এটি যুগৰ প্ৰতীক্ষাৰ প্ৰতিশ্ৰুতিৰে...
সৰি যায় দূবৰিৰ কোলাত নিৰৱে...
এমুঠি বিশ্বাস...
মৰম মৰম লগা...
নিহালীৰ ওমেৰে সজা...।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)