সূৰ্যোদয়-ৰাজেন দাস-নাহৰৰ চিৰিলা চিৰিলি পাত-৬ খণ্ড-১৭

পংখী মৰাণ
0
    (১) 
মানুহ বিচিত্র প্ৰাণী । মানুহে মানুহৰ প্ৰতি কিমান হিংসা !!সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱে গাই গৈছে -
"মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাবে
অকণি সহানুভূতিৰে 
ভাবিব কোনেনো কোঁৱা - সমনীয়া ?
মানুহে..."
অথচ আন এচাম আকৌ দয়াশীল । কোনে কাক কেনেকৈ ক'ত এইবিলাক কৰিব ঠিক নাই । কিছুমানৰ বাবে ই প্ৰয়োজন আন কিছুুৰ বাবে আয়োজন । যাৰ যি ইচ্ছা !! কোনোবাই কাৰোবাক পুতৌ কৰে কৰিব । নকৰিলেও কাৰ কি আহে যায় !! নাযায় । আনক সন্মান কৰাটো , আনৰ দুখ-সুখৰ সমভাগী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰশীল । সমাজ , জাতি , ৰাষ্ট্ৰ , পৃথিৱীৰ বান্ধোনৰ ওপৰত গতিশীল নে ? 
চা নিপন , তোৰ ঘৰৰ পৰা যিদৰে ফেচিলিটি দিছে । মোক তেনেকৈ দিয়া নাই । দেউতাই মাছ মাৰে , হাজিৰা কৰি যি দুই এপইচা পাই ঘৰখন চলায় । খেতি মাটি সৰহীয়া নহয় ; ল'ৰা-দামুৰি সৰহ । সকলো সমানেই আৰু। মায়ে পুৱাই স্কুললৈ ভাত বাঢ়ি দিওঁতেই উমান পাওঁৱেই । সকলোৰে কাঁহী ,বাটিত ভাত ,দাইল সমান পৰিমাণৰ । কেলেই বিহুত গোৱা নাই হ'বলা --
"এবাটি নহৰু
 এবাটি পনৰু
এবাটি খুতৰা শাক 
মূৰৰ চূলি চিঙি 
আশীৰ্বাদ কৰিছোঁ
গৃহস্থ কুশলে থাকক"। 

 কিন্তু মই এইটো কথা ক'বলৈ যোৱা নাই যে মা-দেউতাই আমাক দলনিত পোনা মেলাদি মেলিলে । জন্ম দিছে ;অমৃত বাণীও দিছে । নিজেই কম পঢ়িলেও আমাক সদায় আগবঢ়াই নিয়াত গুৰুত্ব আৰোপ কৰি আহিছে । সেয়েহে মা বা দেউতাৰ ভাল কাপোৰ এসাজো নাই । এই কাৰণতে নিজৰে ক'লামণি মোমাইয়ে মাক অপমানো কৰিছিল । ভাল কাপোৰ পিন্ধিলেই মানুহ জ্ঞানী নহয় ; নহয় সুখী । মোৰ মা-দেউতাই ভাল কাপোৰ নিপিন্ধিব পাৰে । সেই বুলি অজ্ঞানী নহয় । নহয় খাই পাতফলা ; অথচ সকলোকে উদাৰচিত্তে সেৱা আগবঢ়োৱাতেই মন । আনৰ নাথাকিলে নিজে নাখায় দিয়ে । নিজে ছালছিগা ভিকহু যদিও কোনোবা মগনীয়া আহিলে আদৰ - সাদৰ কৰি চাহ ভাত খুৱাই পঠায় । এই কাম কৰি মা-দেউতাই হেনো স্বৰ্গসুখ পায় । পোৱালি তই বহুত কথা কৈ দিলি ; মনটো কিবা লাগি গ'ল । একো নাই ;জীৱনটোত সকলো থাকে । কেতিয়াবা একো নাথাকে ;কিন্তু পাহৰি নাযাবা শিপা। তোৰ ঘৰৰ ফাইনেঞ্চ প্ৰব্লেম মানে তোৰ মা-দেউতা নিশকতীয়া নহয় । বৰঞ্চ বহুতৰ বাবে আদৰ্শ হ'ব পাৰে ।। কাৰণ ইমান হাড় ভঙা কষ্ট কৰি তহঁতক চৰাইৰ মুখত এটোপ-দুটোপকৈ দিয়াৰ দৰে খুৱাই-বুৱাই ৰাখিছে । আধা শুকোৱা কেঁচা খৰি জ্বলাবলৈ ফুৱাইছিল কোনে ? বাঁহৰ চুঙাও নাছিল ৷ সেই জুই উঠোৱাৰ জ্বলা-কলা আৰু জীৱন পথৰ জ্বলা-কলা বেছি দূৰৰ তফাৎ নহয় । আৰু সৰ্বোচ্চ শিক্ষাৰ মন্দিৰলৈ পঠাইছে । কেতিয়াবা সমস্যা হ'লে আছোঁ । মাত্ৰ যিয়ে বুজি পায় তাকহে চেয়াৰ কৰিবি । নহ'লে হাঁহি ,ফিচিঙালি ,ঠাট্টা-মস্কৰা কৰি ফ্ৰাচট্ৰেড কৰি দিব । তই নিজৰ সপোনৰ পিছত দৌৰ। এদিন তোৰ পিছত দৌৰিব ফাইনেঞ্চ ;জ্বলাই জ্বলাই জ্বলিব পৰাটো...। 

  (২) 
"তোৰ এতিয়া ফাইনেঞ্চ নাই , দৰৌ মত ,দৰকে আগে জীট, কিউকি কৌচিচ কৰনে ৱালে লোগোকা একদিন জৰুৰ চাকচেছ মিলতা হে"।
 "ঠিক হে । আই কেন ট্ৰাই মাই বেষ্ট।" লক্ষ্যজিত সোণোৱালৰ কথাখিনি খুব ভাল লাগিল । সি মোৰ সকলো কথা বুজি পাইছিল । সেয়েহে মই সকলো চেয়াৰ কৰিছিলোঁ । অৱশ্যে মোৰ কোনো অপকাৰ হোৱা নাছিল । উপকাৰহে হৈছিল । পি. এন. জি. বি. চি. এনলৈ আহোঁতে লগ পোৱা বিশ্বাসী বন্ধু । বহুতৰ মাজত সি অন্যতম । সি আকৌ মাজে-সময়ে মাংস নিজে ৰান্ধি-বাঢ়ি খুৱায় । ধেমাজিৰ এই বন্ধুৱে মোক নেট পৰীক্ষা ৰ বাবে সহায় কৰাৰ কথা কোনোদিন পাহৰিব নোৱাৰিম । মাষ্টাৰ ডিগ্রী শেষ হোৱাৰ পিছত সি মোলৈ ফোন কৰে । 'তোৰ নেট লাগিল নে?' এই কি ক'বি নালাগিল।'
নেট যিহেতু ছমাহৰ অন্তত হয় । সি আকৌ ছমাহৰ পিছত নেটৰ ৰিজাল্ট ৰ দিনাই ফোন কৰে । মোৰ বিৰাট লাজ লাগে । মানে মই পুনৰ ফেইল । পিছত ফোনত কথা পাতিবৰ মন নাযায় । সেয়েহে হোৱাটচআপ কৰোঁ
-"লক্ষ্য ,আকৌ ফেইল'। ভালকৈ প্ৰস্তুতি চলা । কোনোবাই যে কৈছিল- "ফেইলাৰ ইজ এ কী অফ চাকচেছ।"এবাৰ নহয় এবাৰ লাগিব ।' অ' অ' ।
'তাৰো মোৰ ওপৰত কিবা এটা বিশ্বাস আছিল । এই কথাটো মোৰো ভাল লাগিল। লাহে লাহে মোৰ বহু বিশ্বাস আহিব ধৰিলে । মনটোক বুজাবলৈ ধৰিলোঁ । মই বি. এড. , ডি. এল. এড নাইবা আন ডিগ্রী কৰা নাই । ঘৰৰ পৰা খৰচ বহন কৰিব নোৱাৰোঁ । তাতে মোৰ ইচ্ছা ও নাই । মাষ্টাৰ ডিগ্রী কৰাৰ পিছত মনবোৰ কিবা নহয় কিবা হৈ পৰে । গাঁৱলৈ আহিলেও কামোৰ । ফুৰিবলৈ গ'লেও কামোৰ । সকলোৱে ইয়াক এনেভাৱে নলয় ; মই আকৌ তেনে ভাৱে নলওঁ । এক সাহসহে পাওঁ। মই পুনৰ প্ৰস্তুত কৰিবলৈ সুবিধা পাইছোঁ । পুনৰ দুৰ্বলতাবোৰ গম পাইছোঁ । শুধৰাৱলৈ সুবিধা পাইছোঁ । ভুলেই যদি নহয় শুদ্ধ কৰিবলৈ সুবিধা ক'ত পাম !! সমালোচনাৰ দৰেই ইয়াত ভাল-বেয়া দুয়োটাই সুবিধা পায়। 

 (৩) 
"তোৰ চাকৰিটো নহ'ল আৰু ? কি কৰিবি ? এতিয়া কি নো কৰিবি ?"
চাকৰিবোৰ আগৰ দৰে নহয় ; সহজ নহয় । আগতে ঘৰতে দিলেও নাযায় ; মনে কৰে ঘৰে নিদিয়ে । বহু সলনি । পৃথিৱী ! মানুহ ! মন ! চাকৰি নিবিচৰা নহয় । যোগ্যতা মিলিলে মিলিব। সময় লাগিব। মোৰ ৰাস্তাটো দীঘলীয়া । ইয়াত তেৰা-বেঁকাৰ সুবিধা নাই। চাওঁচোন ; মূৰটো মাৰি। কিমান পাৰোঁ ; লাগি থাকোঁ। লাগি থাকিলে মাগি নেখায় বুলি কয় নহয় । তাতে টেবুলৰ তলেদি হাত সোমোৱাৰ ব্যৱস্থা নাই । সোণমাই আইতাৰ কথা। অকল চাকৰিৰ কথা। কি কৰোঁ। উত্তৰ যি টি দি দিওঁ। উত্তৰ দিব পৰাকৈ অভিজ্ঞ হৈ উঠা নাই। 
"সোণমাই ধুনুকৈ বাজিলে দেহা
নৈ কাণৰ বালিয়া বগৰী
হাতত...।"
 এনে দিশত সমগ্ৰ জীৱন মন নিদিওঁ। অাপনা কাবিলিয়ট মে বিচৱাছ ৰখকে আগে বঢ়োংগা। 
এনে দুই এটা কথা পতা হয়। সিও ডিব্ৰুগড় টাউনলৈ গ'লে ম'ম' খুৱাই , চাহ খুৱাই । সি নিজৰ বজাৰ কৰে । মই লগত থাকোঁ । যোগালি বা লাগনিৰ দৰেই লাগে। অৱশ্যে লাগনিৰো কাম থাকে। এনে কাম ডিগ্ৰী কৰি থাকোঁতেও কৰি আছিলোঁ। কিন্তু মিস্ত্রি বোৰে যিমান হাজিৰা মালিকৰ পৰা লয়। মেইন মিস্ত্রিতকৈ যোগালিক দিয়া উচিত পইচাতকৈ দহ-বিশ টকা ৰাখে । এই কথাত আপত্তি দৰ্শালে এংকৰি বেংকৰি গাই থাকে। গাইছিল কোনোবাই-
"এংকৰি-বেংকৰি ওলাই আহা লাহে-কৰি... "
 
 দা- খন লৈ টাউনলৈ কামলৈ গ'লে ভাল। মানুহৰে ঘৰত কাম হয়। এই বোলে বাৰী চাফ-চিকুণ , ঘৰৰ চৌপাশৰ হাবি-জংঘল কাটিব লাগে, জেওৰা ভেটিব লাগে (টুকটুক-টাকটাক ছমাহলৈ বহি থাক), লাও-কোমোৰাৰ হেঁদালি দিব লাগে , তামোল-নাৰিকল পুলি , কলপুলি ৰুই দিব লাগে (জালুকত গোবৰ পাণত মাটি কলপুলি পুৱা তিনিবাৰ কাটি) 

(৪) 
ক্ৰমশঃ 'ডিয়ু' ৰ দুবছৰীয়া সময় সোণালী হৈ পৰিছে । বিভিন্ন দিশৰ বিভিন্ন জ্ঞান ইয়াত পুত খাই আছে । আঁচল পাতি ধৰিব পাৰিলেই হ'ল । হোষ্টেলৰ মিটিং-মাটাং হৈ থাকে । হোষ্টেলৰ ফিজ ,খানা-পিনা ,মেচ চলোৱা ইত্যাদি । ইয়ালৈ ৱাৰডেন আহে ; বহু দিহা-পৰামৰ্শ দিয়ে । আৱাসিকৰ সমস্যা , আন কিবাকিবি কথা থাকিলে উপস্থাপন কৰা হয় । 
হোষ্টেল ,ভাড়া ৰুম ,পেয়িং গেষ্ট ইত্যাদিৰ অলপকৈ পাৰ্থক্য আছে । হোষ্টেল চৰকাৰী বা ব্যক্তিগত ও হ'ব পাৰে । চৰকাৰী হোষ্টেল ত 'কুকমেন'এ ৰন্ধা-বঢ়া কৰে । ল'ৰা-ছোৱালীয়ে ৰান্ধনি কৰিব নালাগে । কিন্তু মেচ চলাব পাৰে । বজাৰ-সমাৰ কৰি ল'ব পাৰে । তাতে কুকমেন একে থাকে । কিছুমানে মেচ চলায় । খানা ভাল নহয় । কম্প্লেইন আহে । কেতিয়াবা কি হয় কুকমেনলৈকে সকলো দায়িত্ব দিয়া হয় । তেতিয়া মাত্ৰ মাহেকৰ পে টো দিলেই হয়। না বজাৰ কৰিব লাগে ,না ৰন্ধা-বঢ়া কৰিব লাগে । না পইচা তুলিব লাগে । মই ঘৰৰ মানুহখিনিক লাহে লাহে কথাখিনি বুজাই গৈ আছোঁ । যিমান পাৰোঁ সহজ-সৰলকৈ। সকলোৱে শুনি যায় । এই শুনা কাৰ্যত গাঁৱৰ দুই এজনৰো যোগদান থাকে । 
পিছৰখিনি ক । ঠিক আছে ;বুজাত অসুবিধা হোৱা নাই নহয় । নাই হোৱা । কৈ যা । 
ঠিক আছে । পেয়িং গেষ্টৰ দিশত হোষ্টেল ৰ কিছু দিশ মিল আছে ; যদিও অমিলো আছে । পেয়িং গেষ্টত হোষ্টেলৰ দৰে বহু মানুহ থাকে । পেয়িং গেষ্টৰ ঠিকনা প'ষ্টাৰ আঁৰি দিয়া থাকে । চৰকাৰী হোষ্টেলৰ এনে দিশ নাথাকে । ৰাস্তা ,দোকান নাইবা হোষ্টেলৰ সন্মুখত এনে প'ষ্টাৰ থাকে । চৰকাৰী হোষ্টেলৰ সন্মুখত ডাঙৰকৈ হোষ্টেলৰ নাম ,স্থাপিত ,বিশ্ববিদ্যালয় বা অন্যান্য দিশ সামৰি বৰ বৰ হৰফেৰে হৰ্ডিংখন থাকে । খোৱা-বোৱা দিশ একে । পে কৰিবলেই হয় । বাকী টেনচন মালিকৰ । হোষ্টেলৰ দৰে ইয়াত চিকিউৰিটি নাথাকে । আকৌ ব্যক্তিগত হোষ্টেলত বহু মানুহ থাকিব পাৰে । তাতো পে কৰিলেই হ'ব । চিংগুল থকা ৰুম বিশেষকৈ ভাড়া ৰুমত থাকে । পেয়িং তো থাকে ; হোষ্টেলতো থাকে । 
  আৰু কেতিয়াবা ক'ম। এতিয়া সামৰোঁ । নজনা কথাখিনি জানি গৈ আছিলোঁ । আৰু কালচাৰেল প্ৰগেম কি ক'বি । ভাৰছিটি উইক কি ক'বি ইত্যাদি ইত্যাদি । হ'ব পিছত... 

 ক্ৰমশঃ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)