আনফালে এন্ধাৰ তমসাই
মায়া ছটিয়াই ঘুমটিৰ ভাগৰ সলাই,
নাম যাৰ দিন আৰু ৰাতি।
ফুল কুমলীয়া সপোনবোৰ লৈ
ঢপলীয়াই আহে বিদ্যামন্দিৰলৈ
অলেখ অযুত হাঁহি বিৰিঙিয়াই মুখ
হৰ্ষোল্লাসত জিলিকি উঠে, জিৰণিৰ সময়বোৰ।
ইজনে সিজনৰ বন্ধুত্বৰ বান্ধোন মৰমৰ এনাজৰীয়ে দৃঢ় কৰে,
আঁতৰাই পেলাই
জাতি-ভেদৰ প্ৰাচীৰখন।
বুকুত আঁকে নৱ নৱ স্বপ্ন
চকুত অলেখ সপোন ৰচে।
সিহঁতৰ মনৰ কৌতুহলত সম্ভাৱনাৰ প্ৰতীকবোৰে সময়ৰ ছন্দত উজলি উঠে নকৈ জীৱনৰ বাটত।
আঁজলী ভৰাই আগবাঢ়ি যায় দুচকুত জোনাক,হৃদয়ত বাসনা লৈ
সাফল্যৰ নিজৰা বোৱাই
শান্তিৰ এক অবুজ অনুভূতি।
এনেকৈয়ে প্ৰতি বছৰে আহে আৰু যায়,
সোণোৱালী সপোন ৰচা
শিশুৰ-কিশোৰীসকল
সাহস আৰু বিশ্বাসেৰে
যায় আগুৱায়।
কোনোৱে ৰৈ যায় বানে গৰকা
পথাৰ ডৰাৰ দৰে, কোনোৱে পাৰ হৈ দেওনা,
পঢ়া-শুনা জীৱনৰ
লক্ষ্যঃ প্ৰাপ্তিৰ।
কাৰোবাৰ জীৱন হৈ পৰে ধুমুহাই ছেদেলী-ভেদেলী কৰি থৈ যোৱা অৰণ্যত বাট হেৰুৱা পখীৰ দৰে।বাট বিছাৰি সংগ্ৰাম কৰোঁতে সময় বাগৰি যায়।
এই সময়, সেই সময়
দিন-ৰাতি হৈ খেলে ভাগ্যৰ খেল।কেতিয়াবা অমাৱস্যাৰ আন্ধাৰ আনফালে পূৰ্ণিমা জোনাকৰ নিৰিবিলি সন্ধিয়াবোৰত অবুজ ভাষাৰে আন্ধাৰ আঁতৰাই কথা পাতে আকাশী তৰাবোৰে।
জীৱনৰ লক্ষ্যৰ বাহিৰেও আছে বহুতো লক্ষ্য উদয় কিৰণে দেখুৱাই জীয়াই থকাৰ অলেখ বাট।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ