কেনে আছা তুমি ? হয়তো ভালেই !!! নতুন জীৱনত নতুন প্ৰেয়সীৰ সতে ।
বাৰু সময় পালে , মন গ'লে ...
খবৰ এটা ল'বা মই আজিও তোমাৰ প্ৰতীক্ষাত আশাৰ চাকিগছি জ্বলাওঁ মৌনতাত ....হয়তো আজি কালি মন নাযায় নহয়নে মোৰ পৰা কবিতা শুনিবলৈ , কেনে আছোঁ সুধিবলৈ কি কৰি আছোঁ ভাত খালোঁ নে নাই ...।
জানা , তোমাৰ কথা সুধি সুধি মনে মোক স্থিৰে থাকিব নিদিয়ে ....। প্ৰতিটো বিৰতি প্ৰতিটো বিশ্ৰামে তোমাৰ কথাকে সোঁৱৰাই ... জৰ্জৰিত মোৰ দিঠক সপোন আল্পনা...!!! বাথৰুমত গ'লেও দৌৰি আহোঁ মোবাইলৰ শব্দ শুনিলে , তুমি ফোন কৰিলা নেকি । পাহৰি যাওঁ, তোমাৰ পৃথিৱীত মই এতিয়া ডাষ্টবিন ! মই কেতিয়াবা খুবেই অবাক হওঁ
তুমি সঁচাকৈয়ে পাহৰি গ'লা নে অভিনয় ? তোমাৰ মনত আছেনে ???তুমি বিশ্বাসৰ সতে দিয়া ঘৰ সংসাৰ সজোৱাৰ প্ৰতিশ্ৰুতি দেখি , সময়ো হিংসা কৰিছিল ৰাতিয়ো লাজত দৌৰিছিল ।
কিন্তু ... আজি তুমি নিমিষতে , সলনি হৈ গ'লা
সুন্দৰতাৰে জগত পোহৰাবলৈ
তোমাৰ হয়তো মনত নাই , কথা পাতি পাতি ৰাতি পাৰ কৰিছিলোঁ । গালি খোৱাৰ লাজত , মাকে হেড্ ফোন ছিঙাৰ ভয়ত মৌন হৈ থাকিছিলোঁ টোপনি যোৱাৰ ভাও জুৰি । এতিয়া যদিও সন্দেহৰ ভিন্ন অপবাদত গালি খাব নালাগে তথাপি ভাল নালাগে !!! ৰাতিটোৱে উপহাস কৰি হাঁহে টোপনি যাব নোৱাৰোঁ বুলি ...!!!
বহুদিন গ'ল ফোন SMS নাই । কেতিয়াবা মনটো খুবেই উন্মাদ হৈ উঠে তোমাৰ স্মৃতি সোঁৱৰি সুধিবলৈ কেনে আছা ন প্ৰেয়সীৰ সতে ঘৰখন ...মাকজনী ভালেই আছেনে ? পাৰিলে মাক সহায়তা কৰিবা ... অ' পাহৰি গ'লোঁ ...ব্যৱসায় বাণিজ্য ঠিকেই চলিছে নে ??? জানা , হঠাৎ স্তব্ধ হৈ যাওঁ ,অসুবিধা পাবা বুলি...। যোৱা ৰাতি সপোনত দেখা পালোঁ আগতকৈ খীণাইছা ....।
আজি চতুৰ্থ ব'হাগ মনটো খুবেই ব্যাকুল ...গাটো অসুস্থ , সময়ে সকিয়াই আছে সুন্দৰতম মৃত্যুৰ মাদকতা , ঔষধ খোৱাৰ প্ৰবৃত্তি নাই , ঘৰখনে বুজি নাপায় , মাকজনীকো বুজাব নোৱাৰোঁ ।
ভিনদেউ - বাইদেউ ফোন কৰি বিভ্ৰান্ত কৰে ...! সিহঁতে নাজানে মই অণুজীৱৰ চিকাৰ
লকডাউন অমান্য কৰাৰ প্ৰায়শ্চিত্ত ...। ম'বাইলটো অফ্ কৰি দিলোঁ ।
কাৰেন্ট নাই , মমডাল নুমিবই প্ৰায় এতিয়া আৰু কাকো আমনি কৰাৰ ইচ্ছা নাই
ভালে থাকিবা পাৰিলে ক্ষমা কৰি দিবা মই তোমাক আজিও পাহৰিব পৰা নাই ।
শেষত , ভালে কুশলে থাকিবা
নিজৰ প্ৰতি যত্ন লবা ,সময় মতে খোৱা লোৱা কৰিবা ।
ইতিত ---- তোমাৰ কবিতা
বৰপেটা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ