শিশু কবিতা-কাকলি শৰ্মা

পংখী মৰাণ
0
একালৰ আইতা
এতিয়াৰ আন্তী ;
কঁকালৰ বিষ নাই
খোজ কাঢ়ি ফিটিং ।
একালৰ সাধু
এতিয়াৰ ফিল্ম ;
ৰজাও নাই প্ৰজাও নাই
ব্যস্ততাত শিথিল ।
আঙুলিত ধৰি 
ফুৰিবলৈ যাওঁ বুলি ;
পথাৰৰ আলিত ।
আঁহত গছৰ গুৰিত
শিতল বতাহ লগাই ;
মেটেকা ফুল হাতত লৈ ,
সময় নাই এতিয়া
আইতা পাৰ্লাৰলৈ যায় ।
সময় পালে যাম বাৰু
বুটলিম হালধীয়া সোণাৰু
গীত এটি গুণগুণাম
'এটি কলি দুটি পাত
ৰতন লালৰ বাগিচাত।'


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)