আবেলি বেলিৰ ৰং-মৈত্ৰেয়ী কাকতি

পংখী মৰাণ
0
অলপ আগলৈকে ভাল হৈ থকা বতৰটো হঠাতে গোমা হৈ পৰিছে...হয়তো অলপ পিছতে বৰষুণ দিব । ছাতিটোও অনা নহ'ল । খৰ-ধৰকৈ বস্তুকেইটা লৈ ৰুম পাবগৈ পাৰিলেই ৰক্ষা । বাটতে যদি বিজুলী-গাজনি মাৰে কি হ'ব বাৰু ! যদি মই মৰি যাওঁ ! ধেৎ ,কিবোৰ যে ভাবিছোঁ নহয়।।

        মিঠাই বুলিলে মই একপ্ৰকাৰ পাগল । সন্ধিয়া চাহকাপৰ লগত কিবা এবিধ মিঠাই নহ'লে চাহ খোৱাই নহয় । গতিকে কিবা এটা কিনি লওঁ বুলি ভাবি হোটেলখনত সোমালোঁ ।মিঠাই কেইটামান কিনি কোবা-কোবিকৈ উভতোঁতেই কাক নো খুন্দা মাৰিলোঁ গমেই নাপালোঁ । হাতৰ পৰা পৰি যোৱা বেগটো তুলি লৈ আগন্তুকৰ ফালে নোচোৱাকৈয়ে খোজ আগবঢ়াওতেই আগন্তুকে মাত লগালে - "শুনাচোন ,তুমি আকাশী নহয়নে ?" মই তেওঁলৈ চাই আচৰিত ! কাৰণ তেওঁ এসময়ৰ মোৰ আটাইতকৈ প্ৰিয় শিক্ষকজন । ইচ্ ,কিহত যে কিখনে পালে ।। কি কৰি আছা বুলি সুধিলে কি বুলি ক'ম বাৰু ? ইমান ডাঙৰ ডাঙৰ সপোন দেখা ছোৱালীজনীয়ে সাধাৰণ চাকৰি এটা কৰি আছোঁ বুলিলে বাৰু তেওঁ কি বুলি ভাবিব ! নিজলৈকে খং উঠিল । বৰ মিঠাই খাবলৈ মন গৈছিল । পা ,এতিয়া মজা ।ইমান সময়ে মই ছাৰৰ মুখলৈ চায়েই এইবোৰ কথা ভাবি আছিলোঁ ।

ছাৰে মাত দিলে , 'আকাশী ,মোক চিনি পোৱা নাই নেকি ? মই তোমালোকৰ ডিপাৰ্টমেন্টৰ বৈভৱ ছাৰ ।" বৰ লাজ পালোঁ । এসময়ত কলেজত ইমান সাহস দিয়া ছাৰজনক বাৰু কোনে পাহৰিব পাৰে !
-- "পাইছোঁ ,পাইছোঁ ছাৰ । মানে আপোনাক হঠাতে লগ পালোঁ ,তাকো এই ঠাইত ! সেইবাবে আচৰিত মই !!"
-- "বাৰু ,ভালে আছা ? ইয়াত কি কৰি আছা ?"
যিটোৰ ভয় আছিল সেইয়াই হ'ল ।
কোনোমতে মাতটো উলিয়ালোঁ - "ইয়াতে অফিচ এটাত কাম কৰোঁ । কিন্তু আপুনি ইয়াত যে ?"
-- "ইয়াতে মোৰ লগৰ এজন থাকে । বহু বছৰৰ মূৰত তাক লগ কৰিলোঁ । বাৰু ,ঠিয় হৈ থকাতকৈ বহি লওঁ ব'লা । চাহো খোৱা হ'ব ,কথাও পতা হ'ব ।"

        এইবাৰহে মৰিলোঁ । ইফালে বতৰ বেয়া । হে ভগৱান !!! সময়ৰ যে কি লীলা ??? যিজন শিক্ষক এসময়ত মোৰ আটাইতকৈ প্ৰিয় আছিল ,মোৰ সাহস তথা প্ৰেৰণাৰ উৎস আছিল তেওঁৰ লগত এতিয়া কথা পাতিবলৈও ভয় হৈছে । কিজানি কি কৰি আছোঁ সেই কথা বেছিকৈ ওলায় যায় ,লগৰবোৰৰ লগত যদি ৰিজায় ,সিহঁতক লগ পালে যদি মোৰ কথা কৈ দিয়ে ,যদি.... যদি..... ইমান বেছিকৈ কিয় ভাবি লওঁ কথাবোৰ !

ছাৰে হয়তো মোৰ উচপিচনিৰ কথা গম পাইছে।
-- "ক'ত থাকা তুমি ?"
-- "অলপ আগত । মানে অলপ আগলৈ যে মন্দিৰ এটা আছে ,তাৰ কাষৰ গলিটোৰ পৰা অকণমান গৈ।"
-- "বতৰ বেয়া কাৰণে চিন্তা কৰিছা নেকি ? মইও সেইফালেই যাম ,তোমাক নমাই থৈ যাম ।"

    এইবাৰ মই না ক'ব নোৱাৰিলোঁ । বহি ল'লো তেওঁৰ সন্মুখতে । এইবাৰ ছাৰৰ মুখলৈ চালোঁ ; ভালদৰে... । আগৰ দৰেই আছে...কথাবোৰ ,হাঁহিটো । তেওঁ চাহৰ অৰ্ডাৰ দিলে । 

      মই নিমাত...ক'বলৈ একো নাই । মই যেন এটা ডাঙৰ শূন্য ।। জীৱন নামৰ নদীখনত যেনে-তেনে ওপঙি আছোঁ ।আগতে এবাৰ তেওঁ ক্লাছত সুধিছিল - "আকাশী ,ভৱিষ্যতে তোমাৰ কি হোৱাৰ ইচ্ছা ?"
তেতিয়াৰ চঞ্চল আকাশীয়ে টপৰাই মাত দিছিলোঁ - "অধ্যাপিকা ছাৰ।" 
মুখত সন্তুষ্টিৰ হাঁহি এটা লৈ তেওঁ কৈ উঠিছিল - "বাহ্ ,বঢ়িয়া ।" 

       কথাষাৰ মনত পৰি লাজ লাগি গ'ল । তথাপিও মনে মনেতো ৰ'ব নোৱাৰি । ছাৰে কি বুলি ভাবিব ? লাজ-মান কাতি কৰি এইবাৰ ময়েই মাত লগালোঁ - "বহুত দিনৰ মূৰত লগ পালোঁ । ভাল লাগিল ।বাকী ছাৰ-বাইদেউসকল ভালে আছেনে ?"
-- "আছে ,আছে । এসপ্তাহমান আগত নিজৰা বাইদেৱে অৱসৰ ল'লে । পিছে ,কলেজৰ What's app গ্ৰুপ , social media ক'তো নাই যে তুমি ?"

       আচলতে নানা পৰিস্থিতিৰ বাবে সপোনবোৰ আধৰুৱা হৈছিল মোৰ । সেইবাবে সকলোৰে পৰা পলাব বিচাৰিছিলোঁ মই ।সলনি কৰিছিলোঁ ম'বাইলৰ নম্বৰ । ছাৰৰ নম্বৰটো চেভ কৰি ৰাখিছিলোঁ ,আজিও আছে । কিন্তু যোগাযোগ কৰিবলৈ সাহস নহ'ল । কি স'তে কওঁ যে তেতিয়াৰ ডাঙৰ সপোন দেখা ছোৱালীজনীয়ে এতিয়া এই সৰু চহৰখনৰ একোণত আধৰুৱা সপোনবোৰৰ স'তে ৰৈ গৈছে ।এই পৃথিৱীৰ সকলো আগবাঢ়িছে , মাথোঁ তাই ৰৈ গৈছে । এইবাৰ ৰ'ব নোৱাৰিলোঁ । কথাবোৰ নকওঁ বুলি ভবাৰ পিছতো কৈ পেলালোঁ তেওঁক । তাৰপিছত পুনৰ ক'লো - "সপোনবোৰ পূৰ কৰিবলৈ বৰ চেষ্টা কৰিছিলোঁ ছাৰ। কিন্তু নোৱাৰিলোঁ।"
-- "কেতিয়াবা সময়ে লগ নিদিয়ে । কিন্তু আমিতো পৰিস্থিতিৰ পৰা পলাব নোৱাৰোঁ । যিমান বাধা নাহক অতিক্ৰম কৰিব লাগিব । ৰৈ দিলেতো নহ'ব । নহয়নে ?? পিছে এতিয়া এনেকৈ এই চাকৰিটোৱে কৰি থাকিবা নে বেলেগ কিবা ভাবিছা ?"
-- "আচলতে ,গোপনকৈ ৰাখিছিলোঁ কথাটো । কেৱল আপোনাক কওঁ এতিয়া । প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছোঁ । কি হয় নাজানো ,তথাপিও আকৌ এবাৰ চেষ্টা কৰিব বিচাৰিছোঁ ।"
-- "বহুত ভাল কথা ,সেইবোৰ ক্ষেত্ৰত আগবাঢ়া ,মোৰো চিনাকি বন্ধুকেইজনমান আছে । সহায় কৰিম । তুমি মাত্ৰ ৰৈ নিদিবা । তোমাৰ ফ'ন নংটো দিয়া।"
-- "হয় , লওক । ৭৮৯......."
ছাৰে মোলৈ ফ'ন কৰি চালে । তেওঁৰ নম্বৰটো চেভ হৈয়েই আছিল । স্ক্ৰীণত জিলিকি উঠিল - বৈভৱ ছাৰ calling ...

বহু দিনৰ মূৰত হাঁহি এটাই ঢৌ খেলি গ'ল । যি হাঁহিয়ে উফৰাব পাৰে অপ্ৰাপ্তিৰ বেদনা , দিব পাৰে নতুন বাটৰ সন্ধান।।

ইতিমধ্যে চাহ খাই শেষ হ'ল । পইচাটো দি ছাৰে ক'লে - "গৈ থাকোঁ তেনে।"
-- "উম ,বলক।"

     ছাৰৰ স'তে গাড়ীত বহিলোহি । তেওঁ একেই আছে । প্ৰেৰণাৰ এক বিৰাট উৎস ; যাৰ সাহসত বহুতে সপোনৰ বাটটো বিচাৰিব পাৰে । মই কোৱাৰ দৰেই মন্দিৰটোৰ কাষতে তেওঁ গাড়ীখন ৰখাই দিলে । যোৱাৰ আগত তেওঁ ক'লে - "এইবাৰ ভিৰৰ মাজত হেৰাই নাযাবা ,তুমি তুমি হৈ ৰোৱা। জিলিকিব লাগিব ;শুভকামনা থাকিল ।"
-- "ধন্যবাদ ছাৰ ,এতিয়াৰ পৰা আপোনাক আকৌ আমনি কৰিম।"
তেওঁ হাঁহি এটাৰে স'তে ক'লে , "তোমালোকৰ আমনিবোৰ বেয়া নালাগে । বাৰু ,আহোঁ । এইবাৰ কিন্তু ভাল খবৰৰ স'তে লগ পাব লাগিব ।"

    বিদায় ল'লে তেওঁ । হঠাতে ৰ'দজাক ওলাই আহিল । আকাশখনৰ গুৰিটো ৰঙচুৱা ৰং এটাই আগুৰি ধৰিছে । এই ৰংবোৰ যেন মোৰ সপোনৰহে ৰং । ভগৱানক ধন্যবাদ জনাইছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ যাতে বৈভৱ ছাৰৰ দৰে মানুহবোৰ সদায় ভালে থাকে , যি আনৰ সফলতাত নিজৰ সুখবোৰ বিচাৰি পায় ।




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)