আহিনৰ এৰাতি-নিভা লইং

Rinku Rajowar
0
শৰতৰ স্নিগ্ধ ৰাতি 
খুলি থম খিৰিকী,
শেৱালিৰ সুবাস হৈ আহিবা তুমি।
গোপনে সংগোপনে সৰিবা,
আমোলমোল সুগন্ধি হৈ,
সোমাবাহি মোৰ শুৱনি কোঠাত।
ৰূপালী জোনাকে পাহৰাই পেলাব
ৰ'দে পোৰা দেহাটি,
সৰগ কৰি তুলিবাহি আহিনৰ ৰাতিটি।

নিয়ৰ সৰা দুবৰিত মুকুতা চৰে
বগৰী আৰু চতিয়না ফুলে,
তুমি অহাৰে জাননী দিয়ে।
ৰাতিৰ নিয়ৰে পাহৰাই পেলাব
ৰ'দে পোৰা দুবৰি,
কঁহুৱা ফুলেও পাহৰাব
বানে গৰকা লুইতৰ পাৰ।
নদীৰ পাৰত ঝাওবনৰ ফুলেও পাতিব ফুলৰে মেলা।

খাল বিলৰ পানী ধাৰ লৈ ,
শুকুলা মেঘেৰে  
 কৰিবা ধেমালি তুমি।
অপৰাজিতাৰ নীলাবোৰেও তোমাকে ধিয়াই।
তলভৰা শেৱালি ফুলেৰে 
সপোনৰ দলিচা সজাম,
সপোনত ৰচিম মই সুৰীয়া সুৰৰ গীত।

পুৱতি নিশাতে সাৰ পাম
 কুঁৱলী ফালি বিচাৰিম তোমাক,
 তলভৰা শেৱালি বুটলি।
পুৱাৰ পোহৰত সাঁচি ৰাখিম 
তোমাৰ ছবিখনি,
 আহিনৰ সুগন্ধি ৰাতিটি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)