বুকুৰ আলি কেকুঁৰীত
এটি অচিনাকি ভাৱনাই
আমনিদায়ক যাত্ৰা আৰম্ভ কৰে।
দুখৰ চোতালত শ্ৰাদ্ধ নপতা
এবুকু কুমলীয়া নিভাঁজ আশাবোৰ
বিষাদৰ আকাশত তৰা হৈ ফুলে যেতিয়া
জোনাক নিশাতো এন্ধাৰ নামি আহে।
দীঘলকৈ হুমুনিয়াহ কাঢ়ি কাঢ়ি
ভাগৰি পৰিছোঁ
চিলমিলিয়া টোপনিত লালকাল এতিয়া
এজাৰফুলীয়া হৃদয়খন নিথৰে পৰি আছে।
✍️টোলন তছা।