বালিময় মৰুক জীপাল কৰি তোলা
সূৰুযক ঢাকিবলৈ এটি বটবৃক্ষ ৰুই দিয়া
অক্লান্ত, পৰিশ্ৰমী মৰুৰ জাহাজক
এখন্তেক গছৰ ছাঁত জিৰণি ল'বলৈ দিয়া।
সেউজ প্ৰকৃতিলৈ এবাৰ চকু মেলি চাই
অশান্তি, হিংসা, ক্ৰোধক আঁতৰাই
হৃদয়খন মচি নিকা কৰি লোৱা
মৰুৰ দেশত এটি পুখুৰী খান্দি পদুম লগাই লোৱা
মৰুৰ দেশত এজোপা গোলাপ ৰুই দিয়া
মানুহে মানুহক প্ৰেম-প্ৰীতিৰে আকোঁৱালি
জগত জিনি লোৱা।
✍️ৰিজুৱান ফাৰুক বৰভূঞা
(হোজাই, ডবকা)