জীৱনত এবাৰেই হয়
য'ত অনাবিল,
সুখৰ সুখানুভূতি ভৰি পৰে।
আলি দোমোজাৰ পাক্চক্ৰত
হয় অযুত জীৱনৰ বাটত
অনাকাংক্ষিত মৰম, ভালপোৱা।
সঁচাকৈ প্ৰেম এক স্বৰ্গীয়;
ই, ভাতৃত্ববোধৰ এনাজৰীৰে সুদৃঢ়।
কিন্তু, সংকীর্ণ মোৰ মনে
প্ৰশ্ন কৰে,
জীৱন বাটত
সকলোৰে জানোঁ প্ৰেম হয়?
এক অবাস্তৱ যুক্তিহীন চিন্তা হৃদয় খনে বিচাৰে।
কিয় জানো মই নাজানোঁ;
উত্তৰ বাৰু পামনে,
বাৰু তোমাৰ পৰা?
বিষাদৰ বেদনাৰে অশ্রুসিক্ত নিজৰা বৈ আহে,
কোনো এটি মুহূর্ততে হয় যান্ত্রণা সদৃশ্য গভীৰতা।
কৈশোৰ কাল হেনো ধুমুহা আৰু পীড়নৰ সময়
যৌৱনাদীপ্ত প্ৰাচুৰ্য্যৰে ভৰি পৰে
নিজা বৰণ সলায়।
যেন ব'হাগত প্ৰকৃতিৰ গছ-বিৰিখৰ ন-সাজৰ দৰে,
বৰ আস্বৰ্য্যকৰ এই জীৱন প্ৰণালী।
সংসাৰৰ মায়াত মগ্ন,
হয়টো সকলোৱে এদিন পূৰ্ণতা পায়;
লোভ,মোহ, লালসা, অহংকাৰত এদিন জীৱন হয় সৰ্বনাশ
কি আচৰিত সৃষ্টি, সৃষ্টিকৰ্তাক সহ:শ্ৰদ্ধাৰে শতকৌটি প্ৰণাম।
✍️চিন্ময় ডেকা, টংলা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ