মনৰ ৰোগ-ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

©Admin
0
হেৰাই যোৱাৰ বাবে কিমান যে
আখৰা তেওঁৰ
সোনকালে হেৰাই যাব
পাৰিলেই যেন ৰক্ষা,
যেন তেওঁ আব্দাৰহীন
দেৱালীৰ চাকি,
গৃহস্থই তেল বাকিব পাহৰিলেই
অভিমান নকৰাকৈয়ে নুমাই  থাকিব
আলহী হ’ব ডাষ্টবিনৰ৷
অথচ
এই হেৰাই যাব লগা হ’ব বুলিয়ে
মানুহে তেওঁক পাহৰিব বুলিয়ে
আজীৱন তেওঁৰ কিমান যে আখৰা
কিমান যে দায়িত্বৰ বোজা,
মানুহৰ ভিৰৰ সন্মুখত থকাৰ
দুৰ্বাৰ হেঁপাহ৷
অথচ এতিয়া
তেওঁৰ মনত তেওঁ
নিজেই নিজৰ বোজা,
দায়িত্ববোৰ তেওঁৰ শত্ৰু
সমাজখন কাৰাগাৰ
চাৰিওফালৰ মানুহবোৰ কচাই..

✍️ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
     নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)