শৰত নিতৌআহে
চোতলত শুই থকা শেৱালিক চাবলৈ
মনটো জীপাল কৰে শেৱালিৰ সেই স্নিগ্ধ সুৱাসে।
দুৱৰি বনৰ মূৰে মূৰে
কুঁৱলিৰ নিয়ৰ বোৰে
শেৱালিৰ নাকফুলি হৈ জিলিকি থাকে
শৰতে চাই থাকে কণমানিহঁতৰ হাতৰ লহৰত
কেনেকৈ শেৱালিয়ে সাৰ পায়।
শৰতে তেতিয়া পোহৰ হৈ ওলাই আহে
পুৱাৰ দোকমোকালিৰ আভাত
সেই যে একমুখী দৃষ্টিত চাই থাকিল
শৰতে শেৱালিক আৰু শেৱালিয়ে শৰতক
যেন দুয়ো মজগুল এক নিবিড় প্ৰেমত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ