অজুহাত - দিপশিখা ৰাজকোঁৱৰ

পুৱাৰ সূৰুযে ভুমুকি মাৰি পৃথিৱীখন পোহৰাই জীপাল কৰিলে। ৰাতিপুৱা সোনকালে শুই উঠি মানসীয়ে নিজৰ কামবোৰ কৰি ৰুমৰ এচুকত চকী এখনত বহি খিৰিকী খুলি বাহিৰলৈ চাই আছে। ৰাতিপুৱাই খোজকাঢ়ি আহি বৰ ভাগৰি পৰিছে।অলপ সময় জিৰণি লোৱাৰ পাছত তাই ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি চিকিৎসালয়লৈ বুলি ওলাই গ'ল। 
                 তাই একেবাৰে অকলশৰীয়া অনুভৱ কৰিবলৈ ল'লে। আপোন মানুহবোৰ থাকিও তাই আজি অকলশৰীয়া। কিন্তু এনে নহ‌য় যে তাইক কোনেও ভাল নাপায়,মৰম নকৰে।তাইক ভালপোৱা মাক দেউতাক , ককায়েক,ভনীয়েক, বন্ধু বান্ধৱী আৰু বহুত মানুহ আছে। তাই এটি সৰু চাকৰি কৰি পৰিয়ালৰ সৈতে সুখেৰে দিন অতিবাহিত কৰিছিল। কিন্তু লাহে লাহে তাই গম পাইছিল যে তাই দুৰ্বল হৈ আহিছে।তাই তেতিয়া অকলেই চিকিৎসালয়লৈ গৈ স্বাস্থ্য পৰীক্ষা কৰালে। ডাক্তৰৰ পৰা গম পাইছিল তাইৰ বেমাৰ ডাঙৰেই।ভাল কৰিবলৈ বহুত পইছাৰ প্ৰয়োজন হ'ব।তাই মনৰ মাজতেই সেইকথা লুকুৱাই ৰাখি বাহিৰে বাহিৰে সুখী হোৱাৰ অভিনয় কৰি গ'ল।তাই অজুহাত দেখুৱাই ঘৰৰ পৰা আঁতৰি আহি বহুত দূৰত ভাড়া ৰূমত থাকিবলৈ ল'লে। তাইৰ ঠিকনা কোনেও জনা নাছিল।তাই যিমান পাৰি আঁতৰি থাকিল।
             তাই সকলোৰে পৰা আঁতৰি থাকিলেও তাইক কোনেও পাহৰিব পৰা নাছিল।সৰুৰে পৰা কাৰো একো অনিষ্ট কৰা নাই।সকলোৰে লগত মিলিজুলি থাকে তাই।তাইনো কিয় সকলোৰে পৰা আঁতৰি আছে সেই কথা উলিয়াবলৈ ককায়েকে বহু চেষ্টা কৰিলে। অৱশেষত ককায়েকে তাইৰ ঠিকনা বিচাৰি পালে।মৰমৰ ভনীয়েক জনীৰ সেই অৱস্থা দেখি সি অবাক হৈ পৰিল। কোনোপধ্যেই তাইৰ পৰা একো কথা উলিয়াব নোৱাৰি তাইক ঘৰলৈ লৈ গ'ল।
            ঘৰৰ সকলোৱে তাইক ইমান দিনে আঁতৰি থকাৰ বাবে বহুত কিবাকিবি সুধিলে।তাই কিন্তু মুখেৰে একো নামাতিলে।তাইৰ বেমাৰৰ কথা গম পোৱাৰ পাছত মাক দেউতাক ভাগি পৰিছিল।
          মানসীয়ে শেষ বাৰৰ বাবে সকলোকে চাই অৱসাদৰ এটি হাঁহি মাৰিলে। কিন্তু তাইৰ জীয়াই থকাৰ হেঁপাহ আছিল যদিও সেই হেঁপাহ পূৰ নহ'ল।তাই সকলোকে কন্দুৱাই গুচি গ'ল দূৰণিলৈ। অজুহাত দেখুৱাই ঘৰৰ পৰা তাই আঁতৰি গৈছিল বাবেই তাইৰ কথা কোনেও গমেই নাপালে।



Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send