তোমাক ভালপাওঁ বুলি ক'ম তুমি কি কৰিবা-প্রিয়ংকা চমুৱা

©Admin
1
যদিও প্ৰেমৰ দাহেঁচিয়া পথাৰত
তুমি  আৰু মই চেচুকীয়া গজালি
তথাপি তোমাৰ প্ৰেমত আকুল হৈ
তোমাক ভালপাওঁ বুলি ক'ম
তুমি কি কৰিবা???

ন-কঁহুৱাৰ পূৰাতন ৰাগত
সামৰিম তোমাৰ ভালপোৱা
তুমি কি কৰিবা!
উদং বুকুৰ ন-পথাৰত ময়ে তোমাৰ লগ হ'ম
সোণসেৰীয়া ধানৰ ভাজত
সপোন বুতলি বহি ৰ'ম
হেঙুল বেলিৰ ৰাগিনী চানেকিত 
তোমাৰ ছবি আঁকি ৰ'ম
তুমি কি কৰিবা
মন বনৰ পছতীয়া মোৰ
তোমাকে ভালপাই ৰ'ম
নাপাওঁ বুলি নক'বা
সৰি পৰিব সেউজ হৃদয়ৰ আদৰুৱা কলিজা
এই চানেকি আবেলিত কওঁ
ভালপাওঁ কেচা কলিজা
ঐ,ল'ৰা,সোণগুটি মোৰ
ভাল পামেই তোমাক
তুমি কি কৰিবা!!!!

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. বৰ সুন্দৰ লাগিল অংগসজ্জা

    ReplyDelete
Post a Comment