হেঁপাহ-ভনিতা মজুমদাৰ

আহিবাচোন এদিন মোৰ ওচৰলৈ 
সেই আন্ধাৰেৰে ভৰা এটি জোনাকৰ মাজেৰে 
বাট চাই ৰ'ম মই বাৰে বাৰে তোমালৈ।
হেঁপাহ ভৰা মনটোক বুজাবলৈ
আহিবাচোন এদিন,
মনৰ মাজত ৰৈ থকা সপোনৰ 
কথাবোৰ তোমাৰ সৈতে নিজানত বহি কম।
আহিবাচোন এদিন সঁচাকৈ মোৰ ওচৰলৈ
ৰৈ থাকিম তোমালৈ হেঁপাহেৰে।

✍️ভনিতা মজুমদাৰ

Post a Comment

Previous Post Next Post