জীৱনৰ অন্য নাম সংগ্ৰাম(খণ্ড-১২)-পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

অসমীয়া সাহিত্যৰ চানেকি
0
গোটেই পদুমনি গাওঁখনতে হুলস্থূল লাগিছে ৷এফালে আনন্দৰ ঢৌৱে সকলোকে ঢৌৱাইছে আনহাতে দুখৰ বন্যাই একেখিনি মানুহক বাৰুকৈয়ে কোবাইছে ..... ৷ ভগৱান ইমান নিষ্ঠুৰ কেনেকৈ হ’ব পাৰে বাৰু ! 
     আজি মেট্ৰিকৰ ফলাফল ঘোষণা হৈছে ৷ নলিনীয়ে প্ৰথম দহটাৰ প্ৰথম হৈ বৰুৱাৰ ঘৰখনৰ লগতে গোটেই পদুমনি গাওঁখনলৈ আনন্দৰ বন্যা কঢ়িয়াই আনিলে ৷ পদুমনি গাঁৱৰ হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ আনন্দৰ সীমা নোহোৱা হৈছে ৷ সাংবাদিকৰ সোঁত বলিছে ৷ প্ৰায়বোৰ চেনেলৰ সাংবাদিক আহিছে ৷ প্ৰথম দহটাৰ প্ৰথম হৈ উত্তীৰ্ণ হোৱা ছাত্ৰী নলিনীৰ সাক্ষাৎকাৰ ল’বলৈ  স্কুলত ঘৰত সাংবাদিকে ভীৰ কৰিছেহি ৷  কিন্তু নলিনীৰ সেইবোৰলৈ কানসাৰ নাই ৷ তাই দুখত ভাগি পৰিছে ৷ তাইৰ এই আনন্দৰ দিনটোতে কিমান ডাঙৰ ঘটনাটো হৈ গ’ল .... ৷ পৰীক্ষাৰ খবৰেৰে  উৎসাহিত হৈ বৰুৱাই লগৰ বন্ধুসকলৰ লগত কথা পাতি থাকোতেইনো হঠাৎ গাটো বেয়া লাগিছে বুলি কৈয়েই চিৰদিনৰ বাবে চকু মুদিব পায়নে !  নলিনীৰ সুখবৰটো পাই তেওঁ জপিয়াই উঠিছিল ৷ আগৰদিনাই আনি থোৱা বিধে বিধে মিঠাইবোৰ খবৰ ল’বলৈ অহা মানুহক বিলাই দিছিল ৷ সকলোকে পাৰ্টি লাগে , ডাঙৰ পাৰ্টি --- বৰুৱাৰ তোলনীয়া জীয়ৰীয়ে প্ৰথম  দহতাৰ প্ৰথম হৈছে ....এইটো সাধাৰণ কথা নহয় ৷ বৰুৱাই আপত্তি কৰা নাই ৷ দিব দিব সকলোকে মাছে মঙহে এসাঁজ খুৱাব ৷ তাৰ লগত দৈ আৰু মিঠাইও থাকিব ৷ নলিনীয়ে প্ৰথম দহটাৰ প্ৰথম হৈছে ৷ বৰুৱাৰ মাজু ছোৱালীয়ে এই ৰিজাল্ট কৰিছে ৷ পাৰ্টিটো হ’বই লাগিব , বহুত ডাঙৰ পাৰ্টি হ’ব ৰাতিলৈ ৷ পদুমনি গাঁৱৰ কাৰোৰে ঘৰৰ চৌকা নজ্বলে আজি ! সকলোৱেই বৰুৱাৰ ঘৰলৈ নিমন্ত্ৰণ পাইছে ৷ বৰুৱাৰ ঘৰত ডাঙৰ ভোজ হ’ব ৰাতিলৈ ৷ সকলোৱে মিলি আনন্দ কৰিব বহুত বেছি আনন্দ ৷ পুৱাৰে পৰা গাওঁখনৰ কাৰোৰে গাত তৰণি নোহোৱা হৈছে ৷  নলিনী  যে প্ৰসন্ন শৰ্মাৰ ছোৱালী এই কথা সকলোৱে  পাহৰি গৈছে ৷ নলিনী আজি গাওঁখনৰ মান  , তাই সকলোৰে ঘৰৰ সন্তানবোৰৰ বাবে অনুপ্ৰেৰণা হৈ উজ্জ্বলি উঠিছে ৷ গোটেই গাৱঁৰ ৰাইজে আনন্দৰ বন্যাত উটিভাঁহি ফুৰোঁতেই আহিল দুখৰ  বাৰ্তাটো .....জীৱন বৰুৱা আৰু নাই ৷ তোলনীয়া জীয়ৰীৰ সফলতাৰ আনন্দেৰে উৎফুল্লিত হৈ থাকোঁতেই হঠাৎ প্ৰেচাৰ ষ্টক হ’ল ৷ মানুহজন নিমিষতে নোহোৱা হৈ থাকিল ৷ কংকি কংকুৰ লগতে নলিনীহঁতো আজি সঁচা অৰ্থত পিতৃহাৰা হ’ল ৷ পাঁচটা সন্তানৰে সৈতে অৰুন্ধতী বৰুৱাৰ মূৰত স্বৰ্গখনহে যেন ভাগি পৰিল ৷ কি কৰিব কি নকৰিব মানুহগৰাকীয়ে একো উৱাদিহেই পোৱা নাই ৷ ইমান সুন্দৰকৈ আনন্দ উচাহৰ মাজত চলি থকা পৰিয়াল এটা  হঠাৎ থানবান  হৈ যোৱাৰ উপক্ৰম হ’ল ৷ মানুহজনীয়ে মুখেৰে টু শব্দ এটাও কৰা নাই ৷ চকুৰ পানীবোৰো যেন শুকাই কৰকৰিয়া মাৰিলে ৷ গাৱঁৰ মানুহবোৰৰো কাঁহ পৰি জিন যোৱাৰ অৱস্থা হ’ল ৷ সাংবাদিকসকলেহে কষ্ট কৰি দুই চাৰিজনৰ পৰা দুই চাৰিটা কথাৰে নিজৰ নিজৰ সংবাদ সংগ্ৰহৰ কামখিনি সম্পূৰ্ণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ যাৰবাবে সাংবাদিকসকলে ইমান দৌৰাদৌৰিকৈ পদুমনি গাৱঁলৈ আহিছিল তেওঁৰপৰা এষাৰ মাত্ৰ মাত শুনিব বিচাৰিলে ৷ নলিনীয়ে  দুধাৰি অশ্ৰু বোৱাই অৱশেষত সাংবাদিকসকলৰ সন্মানাৰ্থে কেমেৰাৰ সমুখত থিয় হ’ল আৰু অন্যান্য কথাৰ লগতে ক’লে যে ....জীৱনত কিবা এটা পাবলৈ হ’লে চেষ্টাৰ লগতে ভাগ্যখনৰ বৰ দৰকাৰ ৷ মই মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা এইটো কথা স্পষ্টভাৱে কওঁ যে ভাগ্যত থাকিলে কোনেও কাৰো ভাগ্য শেষ কৰিব বা কাঢ়ি নিব নোৱাৰে ৷ মোৰ মাতৃৰ মৃত্যুৰ পিছত আমি চাৰিটা এমাদিমা ভাইভনীক মাজসাগৰত পেলাই থৈ আমাৰ পিতৃয়ে দ্বিতীয় বিবাহ কৰাই ক’ৰবালৈ গুছি গৈছিল কিন্তু আমাৰ ভাগ্যদেৱী সুপ্ৰসন্ন থকাৰ বাবে বৰদেউতা আৰু বৰমা আমাৰ জীৱনলৈ ভগৱান হৈ আহি আমাক সেই মাজসাগৰৰ পৰা তুলি  বুকুৰমাজত আকোঁৱালি ল’লে ৷ আৰু আজি আমি এক সুস্থিৰ অৱস্থাত জীৱন গঢ়াৰ পথত আগুৱাই গৈ আছিলোঁ ৷ মোৰ সফলতাৰ সকলোখিনি যোগ্যতা মোৰ বৰদেউতা আৰু বৰমাক দিব খোজো ৷ তেখেতসকল নোহোৱা হ’লে হয়তো আজি আমি ক’ত কেনেকৈ পৰি থাকিলোঁহেতেঁন তাৰ কোনো ঠিকনা নাথাকিল হেতেঁন ৷ ইয়াৰবাবে ঈশ্বৰক বহুত বহুত ধন্যবাদ  অৱশে মোৰ কৃতকাৰ্য্যতাৰ ওপৰত মোৰ স্কুলৰ শিক্ষাগুৰু সকল আৰু পদুমনি গাৱঁৰ গাওঁবাসী ৰাইজৰো অপৰিসীম অৰিহণা  আছে ৷ সকলোৰে ওচৰত মই চিৰ কৃতজ্ঞ ৷
   আজি হঠাৎ আমাৰ মাজৰ পৰা আমাৰ ভগৱান ( জীৱন বৰুৱা ) শাৰীৰিক ভাৱে নোহোৱা হৈছে ৷ যি ঈশ্বৰে আমাৰ মূৰৰ ওপৰত পিতৃৰ ছাঁ দিছিলে সেই ঈশ্বৰেই আমাক সেই ছাঁৰ পৰা বঞ্চিত কৰিছে ৷  কিন্তু  আমাৰ ভগৱান  সদায় আমাৰ পথ প্ৰদৰ্শক হৈ ৰ’ব ৷ তেখেতৰ আদৰ্শৰে সদায় জীৱনটো গঢ়িবলৈ চেষ্টা কৰিম ৷ আজিৰ পৰা মোৰ বৰমা ( অৰুন্ধতী বৰুৱা ) , মোৰ  ভাইভনীহঁত মোৰ দায়িত্ব ৷ বৰমা আৰু মোৰ ভাইভনীহঁতক  মই কেতিয়াও দুখত পৰিবলৈ অথবা অকলশৰীয়া হ’বলৈ নিদিওঁ ৷ মোৰ জীৱন থকালৈকে মই সকলোৰে দায়িত্ব বহন কৰি যাবলৈ যথাসাধ্য চেষ্টা কৰি যাম ৷
   “  ঘৰখনৰ দায়িত্বৰ লগতে তোমাৰ উচ্চ শিক্ষাৰ কথাও আছে , দুয়োটা কাম তুমি এই কনমানী বয়সতে কেনেকৈ চম্ভালিবা ?  ” সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নলিনীয়ে কৈছিল “ সেইবোৰ এতিয়াই মই একো ক’ব নোৱাৰিম ৷ কিন্তু বৰদেউতাই জীৱন পৰিক্ৰমা আগুৱাই নিয়াৰ ওপৰত আৰু বৰমায়ে সুন্দৰ জীৱন যাপনৰ নিয়মানুৱৰ্তীতাৰ ওপৰত সু--- শিক্ষাৰে আমাক ডাঙৰদীঘল কৰিছে ৷ গতিকে মই ভাবোঁ অকণমান চেষ্টা কৰিলে মই সকলো ঠিকেঠাকে সম্ভালি লৈ জীৱনটো আগবঢ়াই নিব পাৰিম ৷  আজিৰ বাবে আৰু মোক একো নুসুধিব , মই আপোনালোকক অনুৰোধ কৰিছোঁ ৷ ধন্যবাদ ” 
    সেই কনমানি ছোৱালীজনীৰ স্পষ্টবাদী উত্তৰত সকলো অবাক হৈছিল ৷ ইমান কঠিন সময়খিনিতো নিজৰ দায়িত্ব আৰু যোগ্যতাৰ ওপৰত ভাৰসাম্য ৰক্ষা কৰাৰ মানসিক সক্ষমতাৰে শক্তিশালী এই কনমানিজনী ৷ নলিনীৰ কথাৰ পৰা উপস্থিত সকলোৱে বুজি উঠিছিল যে ঈশ্বৰে হয়তো ভাল কিবা চিন্তা কৰিয়েই জীৱন বৰুৱাক আতঁৰাই নিছে ৷ বৰুৱাৰ অনুপস্থিতিত ঘৰখন চাব পৰাকৈ নলিনীক বয়সতকৈ অধিক বুজন ক্ষমতাৰে শক্তিশালী কৰি পথাইছে ...( আগলৈ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)