কোভিড পৰিস্থিতি আৰু অসমৰ ৰেচম ক্ষেত্ৰৰ ইতিবাচক দিশ-এক পৰ্যালোচনা-ডঃ মৃদুল চন্দ্ৰ শৰ্মা

অসমীয়া সাহিত্যৰ চানেকি
0
অসম তথা উত্তৰ পূৰ্বাঞ্চলে  বিশ্বৰ ৰেচম মানচিত্ৰত  এক একক আৰু অনন্য স্থান লাভ কৰিছে । এই অঞ্চলত  চাৰি প্রকাৰৰ ৰেচম পলু যেনে মুগা, এৰী, পাট আৰু ওক টচ ব্যৱসায়িক ভাৱে পালন কৰা হয় । ব্যৱসায়িক ৰূপে পোহা ৰেচম পলু বিলাকক সাধাৰণতে দুই ভাগত ভগোৱা হৈছেঃ পাট ৰেচম (Mulberry silk) আৰু বন্য ৰেচম (Vanya silk) মুগা, এৰী, টচ। অসমত পাট পলুৰ উপৰিও মুগা তথা এৰী পলু পালন কৰা হয় ।  মুগা একমাত্ৰ উত্তৰ পূৰ্বাঞ্চলত পোৱা যায় আৰু ইতিমধ্যেই ভৌগোলিক সূচ্যাংক লাভ কৰিছে । অসমৰ ব্ৰহ্মপুত্ৰ‌ উপত্যকাক এৰী ৰেচমৰ উৎপত্তি স্থল ৰূপে গণ্য কৰা হয় । ৰেচম কীটৰ নামকৰণ ইয়াৰ প্ৰধান খাদ্য বৃক্ষ এৰা গছৰ অসমীয়া নামৰ ওপৰত ভিত্তি কৰি হোৱাৰ বাবে আৰু ইয়াৰ ঐতিহাসিক দৃষ্টিকোণৰ পৰা ইয়াৰ উৎপত্তি অসমতে হোৱা বুলি গণ্য কৰা হৈছে ।এৰী ৰেচম শিল্প বন্য ৰেচমৰ ভিতৰত সবাতোতকৈ জনপ্রিয় আৰু ইয়াক ক্ৰমবৰ্দ্ধমান জনপ্ৰিয়তাৰ বাবে শতিকাৰ ৰেচম আখ্যা দিয়া হয় । পলু পালনৰ সৰল কৌশল, সকলো জলবায়ুত তিষ্ঠি থকাৰ সহন ক্ষমতা, প্রচুৰ পাৰ্শ্ব উৎপাদন আৰু উৎপাদনৰ বিচিত্রতাৰ সম্ভাৱনীয়তাৰ বাবে এৰী শিল্প জনপ্রিয় শিল্প ৰূপে পৰিগণিত হৈছে । সাম্প্ৰতিক কোভিড অতিমাৰীৰ পৰিপ্ৰেক্ষিতত   অসম তথা ভাৰতৰ অৰ্থনীতিত  এক অপূৰণীয় ক্ষতি সাধন হ’ল  । বহুত উদ্যোগ, ব্যৱসায়, বানিজ্য অকালতে বন্ধ হ’বলগীয়া হল অথবা বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ল । ভূতৰ ওপৰত দানৱ পৰাৰ দৰে শ্ৰমিক প্ৰব্ৰজন ‌সমস্যাই এক ভয়ানক ৰূপ ধাৰণ কৰিলে । ইমান খিনি ঋণাত্মক দিশৰ মাজত কিছুমান  ধনাত্মক দিশ দেখিবলৈ পোৱা গ’ল । এইক্ষেত্ৰত পৰিৱেশ আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ অনুকূল দিশ উল্লেখযোগ্য  । অসমৰ ৰেচম ক্ষেত্ৰত বিশেষকৈ মুগা আৰু এৰী শিল্পত এই প্ৰভাৱ অতি যোগাত্মক । যিসময়ত অন্য বেছি ভাগ ক্ষেত্ৰত কোভিডৰ বিৰূপ প্ৰভাৱ পৰিছিল সেই সময়তে মুগা আৰু এৰী দুয়োটা ৰেচম ক্ষেত্ৰত সঁচ উৎপাদনৰ পৰা আৰম্ভ কৰি খোলাৰ (Cocoon) লগতে সূতাৰ উৎপাদন বৃদ্ধি সঁচাকৈয়ে মনকৰিবলগীয়া । এই বৃদ্ধিয়ে অসমৰ ঐতিহ্যমণ্ডিত ৰেচম ক্ষেত্ৰ খনলৈ আশাৰ বাতৰি কঢ়িয়াই আনিছে । 
সঁচ উৎপাদন: প্ৰাক কোবিধ সময়ত ২০১৮-১৯ বৰ্ষত ৮.১৬ লাখ মুগা সঁচ উৎপাদন লক্ষ্যৰ বিপৰীতে চৰকাৰী খণ্ডত মাত্ৰ ৫.৩৩ লাখ সঁচ উৎপাদন হৈছিল কিন্তু ক'ৰোণা অতিমাৰী আৰম্ভ হোৱা বছৰত ৫.৬৫ লাখ লক্ষ্যৰ বিপৰীতে ৫.৭১ লাখ সঁচ উৎপাদন হয় । ২০২০-২১ বৰ্ষৰ ডিচেম্বৰ মাহত পৰ্যন্ত ৫.৮৬ লাখ লক্ষ্যৰ বিপৰীতে ৫.১১ লাখ মুগা সঁচ উৎপাদন কৰিবলৈ সমৰ্থ হয় । ঠিক তেনেদৰে, এৰী ৰেচম ক্ষেত্ৰত ২০১৮-১৯ বৰ্ষত ৬.০০ লাখ লক্ষ্যৰ বিপৰীতে ৭.২২ লাখ, ২০১৯-২০ বৰ্ষত ৬.৩০ লাখ লক্ষ্যৰ বিপৰীতে ৬.৬৪ লাখ আৰু ২০২০-২১ ডিচেম্বৰ মাহ পৰ্যন্ত ৬.০০ লাখৰ বিপৰীতে ৫.৩৯ লাখ এৰী সঁচ উৎপাদন কৰা হয় । এই উৎপাদন পৰবৰ্তী কালত বৃদ্ধি হোৱাৰ তথ্য উপলব্ধ হোৱা নাই যদিও পূৰ্ণ সম্ভাৱনা আছে ।
সূতা (Raw silk) উৎপাদন : এইক্ষেত্ৰত এক বৰ্দ্ধিত ধাৰা মুগা আৰু এৰী দুই ৰেচম ক্ষেত্ৰতে পৰিলক্ষিত হয় । ২০১৫-১৬ বৰ্ষৰ পৰা ২০১৯-২০ বৰ্ষলৈকে মুগা উৎপাদন ১৬৬, ১৭০, ১৯২, ২৩৩, ২৪১ মেট্ৰিক টন আৰু ২০২০-২১ বৰ্ষৰ ডিচেম্বৰ মাহৰলৈকে ২০২ মেট্ৰিক টন উৎপাদন হয় । অন্য হাতেদি এৰী ৰেচম ক্ষেত্ৰতো এই উৎপাদনৰ ধাৰা যথেষ্ট উৎসাহজনক । ২০১৫-১৬ বৰ্ষৰ পৰা ২০১৯-২০ বৰ্ষলৈকে এৰী সূতা উৎপাদন ৫০৬০, ৫৬৩৭, ৬৬৬১, ৬৯১০, ৭২০৪ মেট্ৰিক টন আৰু ২০২০-২১ বৰ্ষৰ ডিচেম্বৰ মাহৰলৈকে ৬২৭৩ মেট্ৰিক টন উৎপাদন হয় ।
যিসময়ত, ভাৰত তথা অসমৰ অৰ্থনীতিৰ অবক্ষয় ঘটিছিল তেনে সময়তে এনে ‌থলুৱা পৰম্পৰাগত শিল্পই আশাৰ ৰেঙনি দেখুওৱাতো সঁচাকৈয়ে মনকৰিবলগীয়া । চৰকাৰী ক্ষেত্ৰৰ লগতে বেচৰকাৰী ৰেচম পালক সকলেও এই সময়ত উল্লেখযোগ্য সফলতা লাভ ‌কৰা‌ পৰিলক্ষিত হয় । চৰকাৰী ক্ষেত্ৰত উন্নত সঁচ উৎপাদন আশানুৰূপ হ’লে কৃষকৰ উৎপাদন বৃদ্ধিত অৰিহনা যোগায় ।
আশানুৰূপ অনুকূল পাৰিপাৰ্শ্বিকতাৰ ওপৰিও      ৰ্বিভিন্ন উন্নয়ন মূলক প্ৰকল্প/ আঁচনি, উদাহৰণস্বৰূপে North East Textile Promotion Scheme (NERTPS) Catalytic Development Programme (CDP), Silk-Samagra আদিয়ে ইয়াত উল্লেখযোগ্য ভূমিকা পালন কৰিছে । তদুপৰি,  গৱেষণা তথা সম্প্রসাৰণ ক্ষেত্রত লাভ কৰা উল্লেখ যোগ্য সফলতাই এই উন্নতিত অৰিহনা যোগাইছে । উন্নত খাদ্য বৃক্ষ‌, উচ্চ উৎপাদনক্ষম সঁচ, উন্নত পালন পদ্ধতি, উন্নত সঁচ উৎপাদন পদ্ধতিৰ ওপৰিও সূতাকটাৰ উন্নত পদ্ধতিয়ে এই বৰ্দ্ধিত উৎপাদন ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)