শাৰদীয় ৰাণী শৰৎ ঋতুৰ আগমন-চিন্ময় ডেকা

প্ৰকৃতিৰ কোলাত শাৰদীয় ৰাণীৰ শৰতৰ আগমনৰ নান্দনিকতাত আমি জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে মনোমুগ্ধকৰ হৈ পৰোঁ। সৃষ্টিৰ সৃষ্টিশীলতাক সাৰোগত কৰি উল্লিখিত আছে যে, বছৰৰ ছয় ঋতুৰ মাজত ৰজা বসন্ত আৰু ৰাণী হৈছে শৰৎ। সেই হিচাপে শৰৎ ঋতুৰ মাদকতা অকণ পৃথক। কিয়নো, অসমীয়া ভাদ মাহৰ এই ঋতুতেই পবিত্ৰ গুৰু দুজনাৰ আবিৰ্ভাৱ। এই ক্ষেত্ৰত এক সুকীয়া বৈশিষ্ট্য ধাৰণ কৰে শৰতৰ আগমনে।

        "শৰৎ মাথোঁ,এটি ঋতু নহয়" ই সৌন্দৰ্য্য মধুৰতাৰ প্ৰতীক। প্ৰকৃতিৰ স্বত্ৰছায়াত আহিনৰ বোকোচাত উঠি আগমন ঘটে, ঋতুৰ ৰাণী শৰতৰ। সকলোৰে মাজত আনন্দৰ বতৰা কঢ়িয়াই আনে। য'ত মধুময় আন্তৰিকতাৰ নিদৰ্শন জাগে। শৰৎ মানেই, কহুঁৱা নিয়ৰ সিক্ত দূৱৰি-বনৰ স্বচ্ছল মাদকতাই প্ৰকৃতিৰ চৌদিশে মন-প্ৰাণ চঞ্চল কৰি সুভাষিত কৰে। শৰৎ বুলিলেই, বুকুত স্পন্দিত হয় মায়া-সনা আবেগ অনুভূতি। জাগ্রত হয়, আশাৰ প্ৰত্যয়ৰ ৰাগিনী। শৰতৰ সৈতে, শেৱালি ফুলৰ এক নিবিড় সম্পৰ্ক আছে। শেৱালিৰ সুবাসত বিলীন হৈ যায়, প্ৰতিটো শাৰদীয় পুৱা। শুভ্র শেৱালি মন, মতলীয়া কৰা, ছন্দোময়ী কৰি তোলে লগতে প্ৰত্যেকজন ব্যক্তিৰ ক্লান্তি, অৱসাদ, জীয়াই থকাৰ তাড়না, হতাশা, হুমুনিয়াহ একাষৰীয়া কৰি এটি ক্ষণৰ বাবে বিচাৰি পায় প্ৰকৃতিৰ শৰতৰ সুবাসত আশাৰ পাপৰি, জানোছা এক সম্ভাৱনাৰ ৰেঙণি।

      শৰৎ হৈছে, ঋতুৰ উৎসৱ। এই শৰৎ কালতেই, দূৰ্গা পূজা উদ্‌যাপিত  হয়। শৰৎ কালত দূৰ্গা পূজা পালন কৰা হয় বাবেই, ইয়াক শাৰদীয় দূৰ্গা পূজা বুলি অভিহিত কৰা হয়। ই-সৰ্ব শক্তিৰ আধাৰত শক্তিৰূপী, দূৰ্গতিনাশিনী, মাঁ-দূৰ্গা ধৰাৰ বুকুলৈ নামি আহি সকলোৰে দুখ-দুৰ্দশা, ভ্ৰষ্টাচাৰ-অনাচাৰ, মিথ্যাচাৰ পৰিহাৰ কৰিবলৈ মানুহ ৰূপী অসুৰ বোৰক বধ কৰি সমাজত শান্তিৰ বন্যা কঢ়িয়াই আনে। ইয়াৰ উপৰিও এই ঋতুতেই, কালিপূজা, লক্ষ্মীপূজা, দীপান্বিতা, কাতি বিহু আদি পালন কৰা হয়। 
এইদৰেই, শৰতৰ আগমনে ৰূপহী অসমক অপৰূপ সৌন্দৰ্য্যৰে মোহিত কৰি তোলে। সঁচাকৈ অনন্য এই শৰৎ ঋতু। শৰৎ কেৱল ঋতুৱেই নহয়, ই জন-জীৱনৰ সু-উদ্ভাসিত নান্দনিকতাৰ বাৰ্তাবাহক।

✍️ চিন্ময় ডেকা,টংলা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send