পৰাণৰ আৱেশত সমিধান ৰচে
মোৰ হৃদয়ত প্ৰেমৰ অভিকল্পনা
সজালেহি নিৰলখে পূবালী পোহৰে।
সৰা পাতে পাতে তোমাৰ বতৰা,
ভালেই আছা চাগৈ তুমি
নহ'লেনো ৰ'দাকাশে মোক
অভিবাদন জনাবনে?
নহ'লেনো নিৰুদ্ধ ডেওনা পাৰ কৰি আহি ধুমুহা জাকে
তোমাৰ মৰম যাচিবনে?
মই নথকাত কোলাহলবোৰে
তোমাক আমনি দিয়া নাইতো?
সৰি পৰা নিয়ৰবোৰক সুধিবা
এই কবিৰ বুকুৰ অনুকম্পা!
নীৰৱ নিশা তমসা এন্ধাৰক সুধিবা
ক'ত মোৰ কবিতাৰ যবনিকা।