২৪ ছেপ্তেম্বৰ-ইতিহাসৰ পাতত আজিৰ দিনটো

অসমীয়া সাহিত্যৰ চানেকি
0
 আজি হ'ল ২৪ ছেপ্তেম্বৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৬৭ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৯৮ দিন বাকী থাকে।বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আঁহক---

♣️আজি পেৰুৰ সশস্ত্ৰ বাহিনী দিৱস।
♣️আজি কম্বোডিয়াৰ সংবিধান দিৱস।
♣️আজি দক্ষিণ আফ্ৰিকাৰ ঐতিহ্য দিৱস।
♣️আজি ত্ৰিনিদাদ আৰু টবাগ'ৰ গণতন্ত্ৰ দিৱস।
♣️আজিৰ দিনটোতেই ১৭৮৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই জুডিচিয়েৰী আইন প্ৰণয়ন কৰিছিল।
♣️আজিৰ দিনটোতেই ১৯৩২ চনত গান্ধী আৰু আম্বেদকাৰে পুনা চুক্তিত সহমত প্ৰকাশ কৰিছিল; য'ত অন্য হিন্দুৰ লগতে দলিতসকলকো যুটীয়া নিৰ্বাচনমণ্ডলীত অৰ্ন্তভূক্ত কৰা হৈছিল।
♣️আজিৰ দিনটোতেই ১৯৪৮ চনত হোণ্ডা মটৰ কোম্পানীৰ প্ৰতিষ্ঠা হৈছিল।
♣️আজিৰ দিনটোতেই ১৯৬০ চনত বিশ্বৰ প্ৰথম আণৱিক শক্তি সম্পন্ন বিমান বাহক জাহাজ ইউ এছ এছ এণ্টাৰপ্ৰাইজ  মুকলি কৰা হৈছিল।
♣️আজিৰ দিনটোতেই ২০১৪ চনত মাৰ্চ অৰবিট অভিযানৰ সফলতাৰ বাবে ভাৰতে মংগলগ্ৰহৰ কক্ষপথত উপনীত হোৱা প্ৰথম এছিয়ান দেশ আৰু এইক্ষেত্ৰত প্ৰথম প্ৰয়াসতে সফল হোৱা বিশ্বৰ প্ৰথম দেশ হোৱাৰ সন্মান অৰ্জন কৰে। 

💠সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)