প্ৰতিধ্বনি-দিম্পী গগৈ

আহিবনে আকৌ সেই দিন
জিলিকিবনে  সোণৰ অসম খনি
সাৰে আছে আজিও শত সহস্ৰ
জাগ্ৰত প্ৰহৰী আলোকৰ ক্ষণ গণি।
মৃত মৈদামেও যেন কথা ক'ব 
সাৰ পাই উঠিব ৰাজকাৰেঙ
ঢোল পেঁপাই ৰজনজনাই উঠিব
ৰংঘৰৰ বাকৰি
উৰুৱাই আনিব বিজয়ৰ ধ্বনিয়ে 
জিলিকি উঠিব তেজেৰে ৰাঙলী
ৰণুৱাৰ হেংদাং শক্রক পৰাজয় কৰি।
ৰণুৱাৰ বীৰ সন্তান আমি 
চাওলুং ছু্কাফাৰ নাতি 
কদাপি নিদিওঁ আনক
সোণৰ অসমৰ ভেটি
সাহসেৰে আহিছো ওলাই
গঢ়িবলৈ আপোন দেশ খনি
মাটি আৰু মানুহৰ সম্বন্ধই হব 
তেজ আৰু মানুহৰ চিনা চিনিৰ মুকুতি 
ৰণাংগণৰ জয়ৰ ধ্বনি
ইতিহাসৰ সোঁৱৰণিৰ কঁকালত
বান্ধি লম টঙালি
জাগিছে অকৌ অতীতৰ ইতিহাস
দূৰৰ পৰাই শুনিছো তাৰে প্ৰতিধ্বনি।

Post a Comment

Previous Post Next Post