সন্তোষ-মোহাইমিনুৰ ৰহমান

©Admin
0
ফুটপাথত তিৰ্পাল এখনকে ঘৰ হিচাপে বিপদৰ সাৰথি কৰি জীৱন নিৰ্বাহ কৰা আদবয়সীয়া ৰমেনৰ ওচৰলৈ উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ আৰু ছাঁ বিচাৰি ফোপাই-জোপাই কুকুৰ এটা আহিল।দুদিন লঘোণে থকা ৰমেনৰ কুকুৰটোক দিবলৈ একো বস্তু নাছিল।গতিকে সি খাবলৈ অনা পানীৰ বটলটোৰ পৰা তাৰ খালী হৈ থকা থালখনত পানী অকণমানকে ঢালি কুকুৰটোক খাবলৈ দিলে।কুকুৰটোৱে বৰ তৃপ্তিৰে পানীখিনি খালে আৰু তাৰ কাষতে শুই পৰিল।দুবেলা দুমুঠি খাবলৈ নাপালেও ৰমেনে আজি কুকুৰটোক পানীখিনি দি বৰ সন্তোষ পালে আৰু জীৱনত ভাল কাম এটা কৰা বুলি নিজকে সুখী অনুভৱ কৰিলে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)