শৰতৰ আগমনত কহুঁৱাৰ নাচোন-ৰুনু দেৱী শৰ্মা

পংখী মৰাণ
0
ক'বলৈ গ'লে চাৰিটা ঋতুৰ ভিতৰত শৰতৰ শোভাই বেছি মনোৰম।শৰত কালতে শুৱনি প্রকৃতিৰ কোলাত কঁহুৱা ফুলে আৰু দৃষ্টিনন্দন কঁহুৱাই বোৱাই আনে আনন্দৰ ধাৰা আমাৰ মনৰ মাজলৈ। এনে লাগে যেন প্ৰকৃতিৰ মন পুলকিত কৰিবৰ কাৰণে কঁহুৱা আহে ধৰালৈ,এয়া যেন কঁহুৱাৰ উদাৰতা। নিজে আহি  নিজে ফুলে, নিবিছাৰে কাৰো আপদাল। সেয়ে শৰতৰ বতৰত ৰূপৰ আকৰ কঁহুৱা বন আমাৰ মৰমৰ।
বিধাতাৰ অনুপম সৃষ্টি এই ধৰণী। ইয়াত সকলো প্ৰকৃতিৰ  খেলা, নানা বনফুল জান-জুৰি, গছ-গছনিৰে সুশোভিত এই ধৰণী। তাৰে কিছুমানে আমাৰ অন্তৰ চুই যায়। মানুহ সৌন্দৰ্য্যৰ উপাসক
সেয়েহে প্ৰকৃতিৰ সৌন্দৰ্য্যই মানুহৰ  মন পুলকিত  কৰে।
এখন নিলীম আকাশ, বহল বৃক্ষৰ সাগৰ,বোৱতী নদী,অপৰূপ ৰূপ-লাৱন্যৰে ভৰা প্ৰকৃতিৰ এই ৰূপে আমাক সকলোকে আকৰ্ষণ কৰে ,কাৰণ কম-বেছি পৰিমানে আমি সকলোৱে  সৌন্দৰ্য্যৰ উপাসক। 
প্ৰকৃতিক সুন্দৰ ৰূপ কৰি তুলিবলৈহে যেন শৰতৰ আগমন। নৈৰ কাষে কাষে ফুলা এই ফুলবোৰ বতাহত হালি-জালি শাৰী শাৰীকৈ ফুলে অসংখ্য কঁহুৱা।কঁহুৱা বিহীন গীত, কবিতা, প্ৰকৃতিৰ মাদকতা কোনোটোৱেই সম্পূৰ্ন নহয়। শেৱালি আৰু কঁহুৱা ফুলিলেহে যেন শৰত আহে যেনেকৈ ভূপেনদাৰ কথাৰে"শাৰদী কোমল জোনাক মায়াৰে ,মন উতলা কৰে, জুৰিটিৰ পাৰত কঁহুৱা ফুলিলে, মন উতলা কৰে "।
শৰত অহাৰ লগে-লগে ধৰালৈ নামি আহে শাৰদী ৰাণী অর্থাৎ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গতি নাশিনী দেৱী দূৰ্গা। ৰাজ্য খনত হৈ থকা প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদি নাইকিয়া হৈ পৰিবলৈ। 
ঋতুৰাণী শৰতৰ পৰশত অন্য এক মাদকতা ভৰা অনুভূতিৰ চৌপাশত আকাশে বৰণ সলায়,চৌপাশে আৱৰি থকা গেলা-পচা বস্তু, নলা-নর্দমাৰ দুৰ্গন্ধবোৰ আতৰি পৰিস্কাৰ হয়।নীলা শুভ্ৰ আকাশৰ তলত ন ন সৌন্দৰ্য্যৰে ভৰা আবেলিটোৱে অপেক্ষা কৰি থাকে সন্ধিয়াটোলৈ। লুইতৰ পাৰত কঁহুৱাৰ নাচন- বাগন দেখি মন অশান্ত কৰিব পাৰে, ভূপেন হাজৰিকা দেৱে গোৱাৰ দৰে "কঁহুৱা বন মোৰ অশান্ত মন, আলফুল হাতেৰে লোৱা সাৱটি "।অস্তগামী বেলিটিক বিদায় দি সন্ধিয়াই আচলত বান্ধি থোৱা জাক-জাক জোনাকী পৰুৱা আহিব, জোনটিয়েও যেন মিচিকিয়া হাঁহি মাৰি তৰাবোৰৰ সৈতে শৰতক আদৰিবলৈ জোনাকী জোনাকী হৈ উঠিব। নিবিড় জোনাকত জোনটিয়েও যেন শুকুলা মেঘৰ বোকোচাত উঠি 
আহিব শৰতৰ বোকোচালৈ। 
শৰতৰ আজন্ম প্ৰেয়সী শেৱালি যেন পুৱতি নিশাত পদূলিত এটি-এটিকৈ নিয়ৰ সনা দুবৰিত পৰিব। শেৱালি ফুলৰ শুভ্ৰ দলিছাত নিয়ৰৰ টোপালবোৰ মুকুতাৰ দৰে জিলিকিব। শৰতে কঢ়িয়াই অনা সুবাসত আমাৰ দেহ-মনবোৰ উন্মনা হৈ উঠিব। দুৰ্গা দেৱীৰ প্রতিমাৰ খনিকৰ সকলৰ দুৰ্গা মূৰ্তিত তেওঁলোকৰ হাতৰ পৰশ লাগি 
সঞ্জীৱিত হৈ উঠিব। 
শৰতৰ কথা কৈ শেষ নহয়। শৰতে লৈ আহে ঐক্য শান্তি, একতা আৰু সংহতি, সমাজৰ ঐক্য-সংস্কৃতি আৰু হৃদয়ৰ অনাবিল প্ৰশান্তি। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)