তুমি যে নাই- সীমা ৰবিদাস

©Admin
0
কোন আছিলা তুমি, 
 কি সম্পর্ক আছিল মোৰ
 তোমাৰ সৈতে, 
একো নাজানো, 
মাথোঁ জানো যে, তোমাৰ বাবে 
কিবাতো অনুভূতি আছে, 
হৃদয়ৰ কোনো এটি কোণত
কি, কিয় একোয়েই নাজানো, 
মাথোঁ অনুভৱ কৰোঁ কিবা বিশেষ।

কিয় জানো? তোমাৰ সৈতে অতিবাহিত কৰা
 পলবোৰ পাহৰিব নোৱাৰিছো,
নোৱাৰিছো পাহৰিব
 তোমাৰ সৈতে পতা কথাবোৰ। 

মোৰ অযুত অপ্রয়োজনীয় 
কথাবোৰো যে তুমি কেতিয়াবা 
ইমান হেঁপাহেৰে শুনিছিলা, 
আছেনে মনত তোমাৰ? 
মোৰ আছে কিন্তু আজিও 
মনত তোমাৰ প্ৰতিটো কথা। 

পাহৰো বুলিলেও নোৱাৰোঁ পাহৰিব, 
আজিও আছে মনত
 সৌ অপেক্ষিত পলবোৰ, 
যেতিয়া কথা পাতিবলৈ 
অসংখ্য লোক থকাৰ সত্ত্বেও 
মই অপেক্ষা কৰিছিলোঁ
 তোমাৰ মধুৰিমা মাত এষাৰৰ। 
এতিয়াও কৰোঁ, কৰি থাকিম অপেক্ষা, 
হয়তো কোনো দিশৰ পৰা আহি
 মাত এষাৰ দিবা বুলি। 

 কেতিয়াবা যে তোমাৰ সৈতে অতিবাহিত 
দিনবোৰ বৰ ছুটি যে লাগিছিল, 
এতিয়া কিন্তু বৰ বেছি 
দীঘলীয়া যেন লাগিছে 
প্ৰতিটো দিন,প্ৰতিটো নিশা। 

প্ৰতিটো পল অনুপল, 
যুগ কল্প যেন অনুভৱ হৈছে।
 
জীৱনৰ বাট বৰ দীঘলীয়া হৈ পৰিছে, 
কাৰণ!এই বাটৰ লগৰী ৰূপে 
      "তুমি যে নাই"।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)