কেৰেচিয়াকৈ লিহিৰিৰ বা-লাগি
সেউজীয়াৰ দেশত সেউজবুলীয়া জীৱন যৌৱন।
কৃষ্ণচূড়াৰ প্ৰফুল্লিত ফুলৰ মাজেৰে
কাজলসনা চকুৰ পিৰিকতিত
ৰোপণ হয় সোণোৱালী বীজ।
কৃষ্ণচূড়াত তলত স্বৰ্ণালী সপোন
জীৱন সংগীতৰ তালে তালে নাচে অভিলাষী মন,
সুমধিৰা বুলীয়া আবেলিত
বুকুত শব্দৰ ঠেঁহ ।
অনুভূতিৰ আলোড়ন কল্পনাৰ কৃষ্ণচূড়াৰ পাহিত সংস্থাপন হয়।
জীৱনটো অলকানন্দা হয় কৃষ্ণচূড়াৰ তলতেই বেদনাৰ অশ্ৰু বোৱাই
এটা হাবিয়াসৰ বিনিময়ত।
ঘোঁৰা হে চেঁকুৰিও ৰংবোৰ চুব পাৰে
সপোনৰ প্ৰয়োজনীয়তাত,
কলা ঘুমটিৰ হুমুনিয়াহ কাঢ়ি
হাজাৰ কবিৰ বিষাদৰ কবিতা কৃষ্ণচূড়াৰ তলত।
মেঘৰ আঁৰে আঁৰে শব্দৰ কোলাহল
মনৰ ডেউকা নাচে বিৰিখে বিৰিখে,
ব্যৰ্থ প্ৰেমে অনুসৰণ কৰে
কৃষ্ণচূড়াৰ ছাঁত জোনাকী সন্ধিয়া।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ