দলংৰ উচুপনি-বিটুমনি কোছঁ

©Admin
0
উদাস উদাস লগা আহিনৰ
এটা সেমেকা আবেলিত,
পুৰণা পুৰণা লগা উদাস সুৰভিৰে
পকি দলংখনে মোক বহু কথাই ক'লে।
দেওলগা সময়ৰ মুখামুখি অবিশ্বাসৰ
ধোঁৱাত পোতখাই থকা জীৱনটো
তিল তিলকৈ মৃত্যুলৈ ঢাপলি মেলা
এক ব্যৰ্থ প্ৰচেষ্টাত মই ৰৈ যাওঁ
জিলিকি থকা সেই পকিদলং খনত।
সৰলতাৰ সুযোগ সন্ধানী মুখবোৰে
কাঢ়ি লৈ যায় জীৱনৰ ৰং।
বুকুত শিল বান্ধি সাক্ষী হৈ ৰয়
নিশ্চুপ সাপ এডালৰ দৰে পৰি ৰোৱা
জিলিকি থকা পকি দলংখনে।
বুকুৰ বেদনা উপলব্ধি কৰিব নোৱাৰা
ভদ্ৰতাৰ মুখা পিন্ধা এচাম পালিনেতাই
কিনা বেচা কৰা নাৰীৰ দেহৰ নিৰৱ
দশক সেই জিলিকি থকা পকীদলংখন।
শৰীৰ প্ৰেমত মুগ্ধ এচাম উদ্ণ্ড প্ৰেমিকৰ
আলোকচিত্ৰৰ সাক্ষী পকী দলংখনে
আজি মোক বহু কথাই ক'লে।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)