বাহি গাৰেই পুৱাই পুৱাই শাহুয়েকে চাহৰ জুতি লৈ ইঘৰে সিঘৰে ঘূৰি ফুৰাটো নতুন কথা নহয়।ৰামভাই বাৰীৰ পকা কঁঠাল এটা আনি কটাৰীখনেৰে মাজে মাজে বাকলিটো কাটি তগৰক থাল এখনত ফোঁট খিনি উলিয়াই খাবলৈ দি কলে,- কিছুমান মানুহে অকল নিজৰ বাবেই চিন্তা কৰে, কেনেকৈ নিজে খাই বৈ থাকিব পাৰি , এই চিন্তাতেই জীয়াই থাকে।সকলো পোৱাৰ পিছতো মাথোঁ নোপোৱাৰ বেদনাত ছট্ফট্াই থাকে।আৰু লাগে আৰু লাগে।লগাৰ যেন শেষেই নহ'ব।আগলৈ
কথাষাৰ কৈ একান্তমনে কঁঠাল খাই থকা তগৰলৈ চাই, ৰামভাই ভাবিলে, এই দুৰ্বল নিঠৰুৱা ছোৱালী জনীক জীৱনৰ এই কোবাল নদী পাৰ হোৱাত সহায় কৰিবলৈ ভগৱানে মোক শক্তি দিয়ক।
কঁঠাল খাই খাই তগৰে ৰামভাইক ক'লে, -ৰামভাই মই মোৰ ঘৰ খনতেই আলহীৰ দৰে আছোঁ নেকি?
কিয় বা সুধিলা বোৱাৰী।ৰামভাই ক'লে।
নহয় মানে ৰনে কয়, কান্দিলেহে ভাত পায়।নিজৰ ঘৰত নিজৰ মানুহক খুজিব নেপায়।আনৰ বুলি ভবা মানুহে নিজৰ অধিকাৰ বিচাৰে।নিজৰ বস্তু মই খুজি খাব নোৱাৰোঁ।
বৰ ডাঙৰ কথা ক'লা বোৱাৰী।তোমাৰ সন্তান বৰ সাহসী আৰু নিভিক হ'ব।ভগৱানে ভালে ৰাখক।বেয়া মানুহে বেয়া চিন্তা কৰে।আনৰ পৰা সুবিধা বিচাৰে।তুমি ঠিকেই কৈছা, এই খন তোমাৰ ঘৰ।নিজৰ ঘৰত নিজৰ বস্তু কিয় খুজি খাবা।চিন্তা নকৰিবা, মই বুঢ়াটো আছোঁ নহয়।লগতে ডেকা ৰন আছে।আমি গোটাই দিম তুমি খাবা।বহু দিনৰ মূৰত তগৰে ৰামভাই কথা শুনি হাঁহি উঠিল।হাঁহিবলৈ পাঁহৰি যোৱা তগৰে আজি হেঁপাহ পলুৱাই যেন হাঁহিব।
সেই দিনা ৰামভাই তগৰক অভিমুণ্য কাহিনীটো কৈছিল।তগৰে কাহিনীটো শুনি বৰ আমোদ পাইছিল।৬০ বছৰীয়া ৰামভাই তগৰক কাষত বহুৱাই সাধু কৈ থাকোঁতে নিজৰ নাতিনীজনীক সাধু কৈ থকা যেন লাগিল।
তগৰে ৰামভাইক কৈছিল, অভিমুণ্য মাকৰ টোপনি নহা হ'লে, অভিমুণ্য মৃত্যু নহল হয়।চক্ৰ বেহুত সোমোৱা কৌশল শিকাৰ দৰেই চক্ৰ বেহুৰ পৰা ওলোৱা কৌশল ও শিকিব পাৰিল হয়।
ৰামভাই তগৰক কৈছিল, এতিয়া বুজি পালা।তুমি যি কৰিবা তোমাৰ সন্তানে সেই ৰূপ লব।ভগৱানে যাক বেছি ভাল পায়, তেওঁক বেছি দুখ দিয়ে।কাৰণ দুখৰ মাজত মানুহে ভগৱানক বিচাৰে।সুখ বিচাৰি হাবাথুৰি খাই লাভ নাই।সদায় আনন্দ মনে থাকিবা।তোমাৰ লগত সদায় ভগৱান আছে।ভাল কথা চিন্তা কৰিবা,ভগৱানৰ নাম লবা।এতিয়া কোৱা ,হৰে কৃষ্ণ, হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰে হৰে।
হৰে ৰাম হৰে ৰাম, ৰাম ৰাম ৰাম হৰে হৰে।এয়া হ'ল ভগৱানৰ মহামন্ত্ৰ।পৃথিৱীখন বৰ ধুনীয়া এই ধুনীয়া পৃথিৱীখনৰ মানুহ বোৰও বৰ ধুনীয়া।ভালৰ মাজতো দুই এজন বেয়া মানুহৰ বাবে নিজৰ জীৱনটো শেষ কৰিম বুলি ভাবিব নালাগে।
তগৰে ভগৱানৰ মহামন্ত্ৰ আওৰাই আছিল।শাহুয়েক আহিল।কি গান গাই আছ।
আই ৰামভাই ভগৱানৰ নাম শিকাই দিছে।
ৰামভাই বঙালী মানুহ।সিহঁতৰ ধৰ্মৰ প্ৰাৰ্থনা শিকালেই যেনিবা তই লবি নেকি?আমি অসমীয়া মানুহ আমাৰ ধৰ্ম বেলেগ।আমি প্ৰাৰ্থনা কৰোঁ।হৰে কৃষ্ণ হৰে কৃষ্ণ মোৰ আগত গাই নাথাকিবি।কাইলৈ পৰা নামঘৰত গোপিনী সকলে নাম লব।সেৱা এটা কৰিবলৈ ওলাবি।নামঘৰলৈ খাই বৈ যাব নাপায়।আজিয়েই কৈ থলোঁ।নাতিটোৰ মংগলৰ বাবে পঞ্চমৃত দিয়া কথাটো ভাবিছিলোঁ।নামঘৰীয়া দেউতাই মানা কৰিলে।মানুহটো নাইকিয়া মাইকীৰ বাবে মাংগলিক কাৰ্য্য কৰিব নোৱাৰে।শাস্ত্ৰত বিধান নাই বোলে।গ'ল একো এটা নাতিটোৰ বাবে পাতিবলৈ নেপাওঁ।৭ মাহত ভাত পিঠা দিয়াও নহব।
অংগনৱাদী কেন্দ্ৰৰ কৰ্মী গৰাকী আহিল, তগৰক মাতিবলৈ।কেন্দ্ৰত আজি পঞ্চমৃত দিব।শাহুয়েকে মাত লগালে আমাৰ এই যাব নালাগে।নামঘৰীয়া দেউতাই মানা কৰিছে।
অ/কৰ্মী গৰাকীয়ে বুজাই দিলে, গৰ্ভত থকা সন্তান সকলো একেই।বিধবা সন্তান বুলি পেটৰ ভিতৰত থাকোঁতেই সমাজে অৱহেলা কৰিবলৈ কোন।আপোনাৰ নাতিটো আপোনাৰ পুত্ৰৰ অংশ।মানুহৰ মৃত্যু আছেই।আপোনাৰ মোৰ কপালত কি আছে কোনে জানে।এই ছোৱালীজনী এতিয়াও মাতৃ হবলৈ উপযুক্ত হোৱা নাই।এই সময়ত আপোনাৰ অবহেলিত হ'লে আপোনাৰ নাতি ৰ লগতে বোৱাৰী জীৱনলৈ বিপদ আহিব।তগৰ তুমি নতুন কাপোৰ এযোৰ পিন্ধি আহা।মই এগৰাকী বিধবাক পঞ্চমৃত খোৱাবলৈ লোৱা কথা শুনি আমাৰ প্ৰকল্পৰ বিষয়া বাইদেউ গৰাকীয়ে নিজে আহি পঞ্চমৃত খোৱা কথা কৈছে।বৰ্তমান চৰকাৰে সন্তান গৰ্ভত থকাৰ পৰাই দায়িত্ব লৈছে।পঞ্চমৃত,, ভাতপিঠা,, অন্নপ্ৰসন্ন, জন্ম উৎসৱ সকলো অংগনৱাদী কেন্দ্ৰত পাতি দিয়া হয়।
তগৰে শাহুয়েকলৈ চালে।
মোৰ মুখলৈ কি চাই আছ।নোলাৱ কিয়?
তগৰ ভিতৰত কাপোৰ সাজ বদলি কৰিবলৈ গ'ল।আগলৈ,,,,,,,।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ