নিজক ঢাকি সময়ৰ সতে দৌৰোঁ ,
কেতিয়াযে নিজস্বতাক হত্যা কৰি
সলনি হোৱাৰ মুখাখন পিন্ধি লওঁ
তুমি মই বা তেওঁ আমি কোনেও নাজানোঁ ।
সলনি হওঁ
মই ভাবো , সকলোতকৈ বেলেগে হম
তুমিও ভাৱা
তেওঁ ও ভাৱে,
সমাজখনেও তাকেই ভাৱে ।
নিজকে বিশেষ কৰাৰ এপিয়লা এলকহলত ডুবি
মায়াময় অন্ধকাৰত বাট হেৰুৱাওঁ ।
সময় দৌৰে
লগে লগে পৰাজিত হোৱাৰ ভয়ে
পিন্ধে ভিন্নৰঙী পোচাক ,
কিমান দুৰ্বল
কিমানখিনি দুৰ্বল হলে
চিনাকী অচিনাকী হয় ।
আখৰা গৃহৰ নায়কজন
আজি মঞ্চৰ খলনায়ক ।
ভেলটোৰ পৰিৱৰ্তন গ্ৰহণযোগ্য ,
কিন্তু আত্মাৰ মৃত্যুত
কেনেকৈ পাঠ কৰো শোকপ্ৰস্তাৱ -----
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ