এজন লেখকৰ মৃত্যু, এটা কলমৰ মৃত্যু-ৰুনাল্ডো টাইদ

Rinku Rajowar
0
(হোমেন বৰগোহাঞি ছাৰৰ প্ৰতি )

Dead people receive more flowers than  the living ones  because Regret is more stronger than gratitude- Anne Frank.


যুগস্ৰষ্টা  নায়কজন গ'লগৈ- কোনেও মানিব নোখোজে এই কথা।

এজন বুদ্ধৰ মৃত্যু  হৈছে-কোনেও শুনিব নোখোজে এই বতৰা।

শোকত ম্ৰিয়ম্ৰান চাৰিকড়ীয়া নৈ খন
ম'হঘুলি  চাপৰিৰ আজাৰবোৰে উচুপিছে
ম'হ গুৱালে শোকত কাবান জুৰিছে।


বুকু খন শিল হ'ল,
ভাৱনাবোৰ ধোঁৱা হৈ উৰি গ'ল
বিনা মেঘে ব্ৰজপাতত মানুহবোৰ বোবা হ'ল।

এজন লেখকৰ মৃত্যু, এখন নদীৰ মৃত্যু
এজন লেখকৰ মৃত্যু,এখন অৰণ্যৰ মৃত্যু।

এজন লেখকৰ মৃত্যু,এখন উপন্যাসৰ মৃত্যু
এজন লেখকৰ মৃত্যু, এটা সপোনৰ মৃত্যু।

জন্ম - মৃত্যু একেটা মুদ্ৰাৰ দুয়োটা পিঠি,
 মৃত্যু জন্মতকৈ হাজাৰ গুণে শক্তিশালী ।

জন্মৰ পৰা মৃত্যুলৈ বহু যোজন বাট,
সংসাৰ দুদিনীয়া মায়াময় হাট।

জন্মত পৃথিৱী আগমন
মৃত্যুত পৃথিৱী  বিদায়।

জন্মত হাঁহি,মৃত্যুত কান্দোন।

চাৰিকড়ীয়া নৈৰ বালিত খোজ থৈ
নীৰৱে গুচি গল প্ৰজ্ঞাৰ সাধক।

শূণ্য ম'হঘুলি  চাপৰিৰ ফাট' বিহুতলি
শূণ্য পাঠকৰ টোকাবহীৰ শুকুলা পৃষ্ঠা।


এজন লেখকৰ মৃত্যু, এটা কলমৰ মৃত্যু
এজন লেখকৰ মৃত্যু, এটা তৰাৰ মৃত্যু 

( মিচিং শব্দ- অৰ্থ : কাবান :  শোক সংগীত)

✍🏻ৰুনাল্ডো  টাইদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)