ঋতু ৰাণী শৰৎ-নিজৰা বৰ্মন ডেকা

©Admin
0
নিৰ্মেঘ আকাশত আহিনৰ প্ৰভাতে 
মেলিছেহি সূৰুযৰ কোমল ৰ'দালি, 
যেন হিয়া মন ওপচোৱা এক
সুন্দৰ, সুনিৰ্মল শৰতৰ নৈসৰ্গিক ছবি ।
ৰিব্ ৰিব্ বতাহত নাচি থকা কহুৱা বনে
আৰু 
স্নিগ্ধ জোনাকৰ পৰশত 
গাভৰু হোৱা শেৱালি পাহেও চোন 
বতৰা দিলেহি শৰতৰ আগমনৰ ।

চৌদিশ আমোল মোলাই 
সন্ধিয়া সুগন্ধি বিলায় 
শৰতৰ শেৱালি সেয়া 
নিয়ৰৰ  প্ৰেমত যে মতলীয়া ।

দুৱৰি ডৰাও চোন সাজু  হ'ল
শুভ্ৰ শেৱালিক আকোৱালি লৈ 
নিয়ৰৰ সতে হেঁপাহৰ
কাৰেং ঘৰ সজাবলৈ ।

নিয়ৰৰ কণাবোৰ দুৱৰি ডৰাত পৰি 
জিলিকি উঠে যেন হীৰা মুকুতা মণি 
জোনৰ সাধু শুনা তৰাবোৰেলৈ চাই 
পহৰা দিয়ে নিশাৰ অতন্ত্ৰ  প্ৰহৰী হৈ ।

শৰতৰ আকাশত শুকুলা ডাৱৰে 
শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকি 
মুকুতিৰ জয়ধ্বজা উৰুৱাই 
সেউজীয়া ধৰালৈ অহিংসাৰ 
 সুবাস  দিয়ে  যেন ছটিয়াই ,
এয়াই  যে  আগজাননী 
ধৰালৈ শৰত অহাৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)