শীতল কৰা এটি মিঠা শিহৰণ ...
শৰতৰ পুৱা দুৱৰিত মুকুতা মণি সৰে
শেৱালিয়ে হাঁহি হাঁহি ...
দুৱৰিত দলিচা পাৰে
গাঁৱৰ গাভৰুহঁতে
দুভৰিত নিয়ৰৰ পৰশ সানি শেৱালি বুটলে,
শৰতৰ পূৰ্ণিমা জোনৰ বুকুত
তুঁলসীয়ে হাঁহে ...
শৰতৰ বেলা নৈৰ চাপৰিত
কঁহুৱা বিৰিণাই হালি জালি নাছে,
বালিমাহী চৰাই বোৰে
বিৰিণাৰ আঁৰে আঁৰে
উলাহতে উৰি উৰি বন গীত জুৰে,
শৰৎ মানে সেউজীয়া ধাননি
গছি গছি ফুলৰি মেলে ...
শৰৎ মানে সেউজ প্ৰকৃতিৰ সুৱাস
কুমলীয়া ফুল কলিৰ
থুনুক থানাক মাত ফুটে,
শৰতৰ দিপৰ বেলা
আকাশত সেন্দুৰীয়া মেঘৰ চামনি
নৈ বিল জান জুৰিৰ বুকুত
জোন তৰাই সাঁজি কাঁচি ...
একেঠিৰে চাই মুখ,
শৰতৰ পুৱা ন বোৱাৰীহঁতে
কপালত সেন্দুৰীয়া বেলিৰ তিলক আঁকি
কাষত কলচি লৈ
পানী তুলিবলৈ উলহে-মালহে যায়
নৈৰ ঘাটত ...
শৰৎ মানেই বসন্তৰ আগমন
সেউজী ধৰণী গাভৰুহঁতৰ উতনুৱা মন
শৰৎ মানে কবিতা কবিতা লগা এটি
মিঠা শিহৰণ ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ