মইনো জীয়াই আছিলো কেতিয়া- হেমেন হাজৰিকা

পংখী মৰাণ
0
মৃত্যুৰ কেইমাহমান আগতে মোৰ দেউতাই মোক ওচৰলৈ মাতি নি কৈছিল - তই চাকৰি কৰি থকাৰ ঠাইৰ পৰা ট্ৰেন্সফাৰ লৈ ইয়ালৈ গুচি আহ । অফিচৰ যি খৰচ লাগে ময়েই দিম । কাৰণ - তেতিয়া দেউতা ঘৰত অকলে আছিল । মা ঢুকাইছিল । নিজে ৰান্ধি-বাঢ়ি খাইছিল । আমি দুয়োজন ককাই-ভাই দুয়োজনেই কৰ্মৰ তাগিদাত বাহিৰত আছিলো । মোৰ আকৌ নিজৰ ঠাইখনলৈ যোৱাৰ হাবিয়াসো নাছিল ।
          পিছত দেউতাই পুনৰ কৈছিল তই ইয়ালৈ গুচি আহ ,সি তাতেই থাকক ।আজিৰ পৰা আৰু তোকো একো নকওঁ যি কৰ কৰিবি ।কাৰণ মই থাকোঁতেই তোক ইয়াত থকা দেখিলে মই শান্তিত মৰিব পাৰিম । কাৰণ তাক মই বিশ্বাস নকৰোঁ ; কোনোবা দিনা গুচি যামগৈ সকলো এৰি থৈ । কিন্তু মইনো জীয়াই আছিলো কেতিয়া ?? মই দেউতাৰ কথা ৰাখিব নোৱাৰিলোঁ । মোৰ তালৈ যোৱা নহ'ল । তাৰো প্রকাশিব নোৱাৰা কিছু কাৰণ আছে ।
      মইনো জীয়াই আছিলো কেতিয়া কথাষাৰ কিমান মৰ্মান্তিক ? দেউতা আছিল মোৰ আদৰ্শ ব্যক্তি । তেখেত এগৰাকী নিকা ভাবমূৰ্তিৰ মানুহ আছিল । দেউতাৰ জীৱনৰ সেই আদৰ্শক আজি পৰ্য্যন্ত মই মোৰ নিজৰ জীৱনত প্রয়োগ কৰিব পৰা নাই । মানুহৰ জীৱনত আদৰ্শৰ প্রভাৱ অপৰিসীম ।মহৎ আদৰ্শসমূহক আকাশৰ তৰাবোৰৰ লগত তুলনা কৰিব পাৰি । আমি সেই তৰাবোৰক কাহানিও স্পৰ্শ কৰিব নোৱাৰোঁ । কিন্তু যেতিয়া কম্পাছ আৱিষ্কাৰ হোৱা নাছিল তেতিয়া সমুদ্ৰগামী জাহাজৰ নাবিকে যেনেকৈ আকাশৰ তৰাবোৰ চায়েই দিক্‌ নিৰ্ণয় কৰিছিল ,ঠিক তেনেদৰে মহৎ আদৰ্শবোৰক আমি আমাৰ নিজৰ জীৱনত প্রয়োগ কৰিব নোৱাৰিলেও সেই আদৰ্শবোৰক স্মৰণ কৰিও আমি জীৱনৰ শুদ্ধ পথ নিৰ্ণয় কৰিব পাৰোঁ ।গতিকে মইও আজিৰ তাৰিখত দেউতাৰ আদৰ্শক মোৰ জীৱনত প্রয়োগ কৰিব নোৱাৰিলেও সেই আদৰ্শসমূহক স্মৰণ কৰি জীৱনৰ শুদ্ধতাবোৰ নিৰ্ণয় কৰা ব্রতত ব্রতী হৈ আছো । এই যে মইনো জীয়াই আছিলো কেতিয়া এনে মৰ্মস্পৰ্শী কথা খুউব কম সংখ্যক মানুহেহে নিজকে প্রশ্ন কৰিব পাৰে !! পৃথিৱীত বসবাস কৰা আমিবোৰে জীৱনটো যাপন কৰিবলৈ প্রস্তুতিহে চলাই থাকোঁ ,কিন্তু প্রকৃততে জীৱনটো উদযাপন নকৰোঁ ।
     মইনো বাৰু জীয়াই আছিলো কেতিয়া ?? সেই কথাষাৰ আমি যদি নিজকে সুধি চাওঁ ,ৰিজনি কৰি চাওঁ তেতিয়া মনত আন এটা প্রশ্নৰ উদয় হয় ??? প্রকৃত অৰ্থত জীয়াই থকা মানেনো কি ? মৰি মৰি জীয়াই থকা মানেনো কি ? মৰি মৰি জীয়াই থকাত আনন্দ কিহৰ ? কিলে তিলে প্রতিটো ক্ষণতে আমাৰ জীৱনটো ক্ষয় হৈ গৈ থাকে ।কাৰণ আমি আমাৰ জীৱনৰ বহু অমূল্য সময় অলাগতিয়াল কামত , অলাগতিয়াল কথাত ব্যস্ত হৈ থাকোঁ । আমাৰ জীৱনটো সৰল কৰিব নোৱাৰোঁ ।জীৱনটো সৰল কৰিব লাগে , সৰল । কিন্তু কিহৰ মায়াজালত পৰি আমি আমাৰ জীৱনটো সৰল কৰিব নোৱাৰিলোঁ ?? মোৰ দেউতাই তেখেতৰ জীৱনটো পৰিপূৰ্ণভাৱে জীয়াই থাকিব নোৱাৰিলে । নমৰালৈকে জীয়াই থাকিল ঠিকেই ; কিন্তু আচলতে তেখেত কেতিয়াবাই মৰিছিল । যিখিনি সময়ত তেখেত যেনেদৰে থাকিব লাগিছিল ,যেনে শুশ্রূষা পাব লাগিছিল পোৱা নাছিল ।কিমান নীৰৱে চকুলো টুকিছিল ? কিমান দিন বা মিছায়ে খাইছো বুলি কৈ লঘোনে আছিল ? কিমান দিন বা শাৰীৰিক অসুস্থতাত ভুগিছিল !!??? তেন্তে তেখেত জানো তেতিয়াই মৰা নাছিল !! গতিকে তেখতনো জীয়াই থাকিল কেতিয়া ???অৱশেষত তেখেতৰ যোৱা ১৬ এপ্রিল ২০১৬ বৰ্ষত সঁচাকৈয়ে মৃত্যু হ'ল । গুচি গ'ল একেবাৰে অজান্তি-মুলুকলৈ ।এটা দুখ সদায়ে মোৰ লগত থাকি গ'ল সেয়া হ'ল মই মোৰ দেউতাৰ কথা ৰাখিব নোৱাৰিলোঁ ।
     আমিনো পৃথিৱীলৈ কিয় আহিছিলো ? ক'ৰ পৰা আহিছিলো ? এইবোৰ প্রশ্নই আমাক সকলোকে ক্ৰিয়া কৰি থাকে‌ ।। ইমান সুন্দৰ পৃথিৱীখনক ইচ্ছা কৰিলে আমি আৰু অধিক সুন্দৰ কৰি তুলিব পাৰোঁ । কিন্তু আমি কৰিছোঁ কি ? আমি নিজক লৈ ব্যস্ত থাকোঁ । আনৰ উন্নতি আনৰ সুখ আমাৰ কাম্য নহয় ; ব্যক্তি কেন্দ্রীক মানসিকতাই আমাক আমাৰ পৰা আঁতৰাই লৈ গৈ আছে । আমি দেখাত ঠিকেই আছোঁ ,খাইছো ,শুইছো ,ফুৰিছো ,উঠিছো ,বহিছো বহুত কিবাকিবি কৰিছোঁ । কিন্তু আমি ভিতৰি ভিতৰি মৰি গৈছো । তেতিয়া হ'লে আমি জীয়াই থাকিলো কেতিয়া ??আমি যি উদ্দেশ্য লৈ পৃথিৱীলৈ আহিছিলো আমি যি কাম কৰিব লাগিছিল একো কৰা নহ'ল । বহু খ্যাতনামা পুৰুষেও দহৰ বাবে ইমান কৰিও একো কৰিব নোৱাৰিলে বুলি মন্তব্য কৰি গৈছে । তেনেস্থলত আমি বাৰু কি কৰিছোঁ ? সঁচায়ে কি যন্ত্ৰণা !! মানুহ হোৱাৰো যন্ত্ৰণা আছে । মানুহৰ মাজৰ অমানুহবোৰে প্রদূষিত কৰিছে সমাজ । ভাবিছে তেওঁলোকেই জীয়াই আছে পৃথিৱীত । কিন্তু এইটো ভাবিবলৈ আহৰি নাই যে তেওঁলোকনো জীয়াই থাকিল কেতিয়া ???

    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)