সেই একেটি নিশা―
যি নিশাই আমাৰ বুকুত ফুলাইছিল এটি সপোন!
গাঁঠি মাৰি থোৱা মোৰ চাদৰৰ আঁচলত
সি ক্ৰমান্বয়ে ডাঙৰ হৈ আহিছিল,
তুলি লৈ দুহাতৰ আঁজলিত
চাই চাই আত্মহাৰা হৈছিলোঁ তাক―
আপুনি জোন হৈ জ্বলাৰ দিনা
মই তৰা হোৱাৰ কথা তাক কৈছিলোঁ,
আপুনি বৰষা হৈ সৰাৰ দিনা
মই নৈ হৈ বোৱাৰ কথা তাক কৈছিলোঁ―
একান্ত মনে শুনি ৰোৱা তাৰ
দুচকুত জ্বলিছিল এমুঠি জোনাক―!
মেটমৰা বুকুৰ আপাহত
কঢ়িয়াই লৈ ফুৰা আকাশৰ সেই চিনা-অচিনা সাধুটোত সূৰ্য্যমুখী হৈ ফুলাৰ আঁৰৰ বেথাবোৰেৰে
ৰ'দে ভৰপক দিয়া দুপৰীয়াবোৰ সৰি পৰিছিল
আমাৰ আদৰুৱা বুকুৰ সাঁচতীয়া হুমুনিয়াহবোৰত―
বকুলতলৰ ববচাত সোণপৰুৱাৰ লানি,
মোক তোল মোক তোল কৰি ৰোৱা
সুবাসজাকত উশাহ হেৰোৱা দিন ধৰি
মোৰ সত্বাত বিয়পিছিল সেই সপোনটোৰ
তেজাল আঁচোৰ―!
তাক লৈ বাগৰিছিল দিন,নিশা
ফেঁহুজালি পুৱা―!
দুচকুত ফুলা সুৰ এটি দুওঁঠেৰে বাগৰি
বৈ পৰা সন্ধ্যা এটিৰ ভাঁজত,
বুকুৰ এচুকত এটি নিৰ্মল প্ৰাৰ্থনা হৈ
নিগৰিছিল এচাটি অন্তহীন কামনা
আপোনাৰ পৰা মোলৈ!
কলিজাৰ দাপোণত ফুলিছিল
এপাহি প্ৰেমৰ ফুল―
আলফুলীয়া!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ