অতীতক সুঁৱৰি-কুইন বৰা

©Admin
0
আজি দেওবাৰ। অফিচ বন্ধ। এই বাৰটো আহিলেই কিবা মনটো বৰ ভাল লাগি যায়। সপ্তাহটোত সোমবাৰৰ পৰা শনিবাৰলৈকে গতানুগতিক ব্যস্ততাপূৰ্ণ ঘৰুৱা কাম  আৰু অফিচৰ কাম। অন্তত আজিৰ দিনটো ঘড়ীৰ কাঁটাৰ লগত চলিব নালাগে। সেয়ে দেওবাৰটো আহিলেই তাহানিৰ লগ- সমনীয়াৰ লগত বাটে বাটে টেঁটু ফালি গোৱা কথাফাকিলৈ মনত পৰে-- শনিবাৰে হাফ, দেওবাৰে মাফ, সোমবাৰে বাপৰে বাপ। 

            এতিয়া বিয়া হৈ সংসাৰো কৰিলোঁ। ল'ৰাপোনা এটিও হ'ল। তথাপি আজিও দেওবাৰটো মোৰ বৰ হেঁপাহৰ। মাজে - সময়ে বিবেকে আগতীয়াকৈ ভাবি থোৱা আঁচনিৰ কিছু সাল- সলনি হয়। প্ৰায়েই আগতীয়াকৈ ঠিক কৰি ৰখা হয়। 

               কিন্তু আজিকালি ক'ভিডকালীন পৰিৱেশত মোৰ সাত বছৰীয়া ল'ৰাটো লৈ ক'তো যাবও নোৱাৰোঁ। মাজে- মাজে ভাবোঁ দেওবাৰে আমি ওচৰে- পাজৰে থকা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিম। কিন্তু মনত ইমানখিনি সাহ গোটাব নোৱাৰোঁ। জানোচা বাবু (ল'ৰা) ৰ গাটো বেয়া হয়। বাবুহঁতৰ কথা ভাবি মনটো  মাজে- মাজে বেয়াও লাগে। তাৰ বয়সত আমি কিমান যে ফুৰ্তি কৰিছিলোঁ। দোকমোকালিতে উঠি দেউতাৰ সৈতে প্ৰাতঃভ্রমণ কৰিবলৈ গৈ শুকুলা সুবাসী শেৱালি ফুল আৰু বকুল ফুল বুটলি আনি মালা গাঠিছিলোঁ। মাক নজনোৱাকৈ বৰদেউতাৰ লগত মনে মনে গৈ বৰশীৰে মাছ ধৰা চাইছিলোঁ। নীলিম আকাশৰ সৌন্দৰ্যত মোহিত হৈ একেথৰে ভেবা লাগি চাই থকা, জোনাকী ৰাতি বুটা বচা আকাশৰ তলত আইতাৰ মুখৰ সাধুকথা। এইবোৰ শুনি শুনি আমি ৰাতিৰ ভাত সাজ নোহোৱা পৰ্যন্ত সাৰে আছিলোঁ। 

               কিন্তু এতিয়া আমি সকলো পৰিস্থিতিৰ দাস। কি যে দিন-কাল আহিল। এতিয়া কাৰোৰে ঘৰলৈও যাব নোৱাৰি কাকো মাতিবও নোৱাৰি।  শিশুহঁতেও ককাক - আইতাকৰ লগত সাধু কথাৰ আমেজ ল'ব নোৱাৰে। আনকি বাহিৰত গৈ জোনাকী পৰুৱাৰ জিল- মিলে সৃষ্টি কৰা অপূৰ্ব দৃশ্য চোৱাৰ হাবিয়াসো নাই সিহঁতৰ। অৱশ্যে সিহঁতৰ হাতত অফুৰন্ত সময়ো নাই সেইবোৰ চাবলৈ। আজিৰ কণমানি শিশুৰ পৰা নৱম- দশম শ্ৰেণীত পঢ়া ল'ৰা- ছোৱালীলৈকে ব্যস্ত কেৱল মোবাইলৰ গেম খেলাত নাইবা টি. ভি. ত কাৰ্টুন চোৱাত। কল্পনাপ্ৰৱন শিশুৰ মন আজি বাস্তৱৰ হেঁচাত যান্ত্ৰিক হৈ পৰিছে। নহ'বনো কিয়। ক'ভিড-ৰ বাবে স্কুল, কলেজ সকলো বন্ধ হৈ সিহঁতবোৰ ঘৰতে আৱদ্ধ হৈ পৰিল। লগতে স্কুলৰ অনলাইন ক্লাছবোৰ মোবাইল আৰু কম্পিউটাৰত কৰি কৰি এতিয়া সিহঁতে মবাইল নহ'লে চলিব নোৱাৰা হ'ল। লগতে টি. ভি. ত নাচাবলগীয়া কিছুমান চিনেমা চাই কিশোৰ - কিশোৰীসকল নগ্নতা- যৌনতাৰ প্ৰতি লালায়িত হৈছে। সেয়ে অভিভাৱকসকলে যদি এই সময়খিনিত শিশু আৰু কিশোৰ- কিশোৰী সকলক গুৰুত্ব নিদিয়ে তেন্তে ভৱিষ্যত প্ৰজন্ম বিপথে পৰিচালিত হোৱাৰ আশংকাই বেছি। 

           এগৰাকী পৰামৰ্শদাতা মনস্তত্ববিদ হিচাপে মোলৈ এই কেইদিনত প্ৰায় ৯ টা মান ফোনকল আহিছে শিশু আৰু কিশোৰ- কিশোৰীসকলৰ সমস্যাক লৈ। পাঁচজন মানৰ সমস্যা প্ৰায় একেই। অভিভাৱকসকলে কয় শিশুটিয়ে একেবাৰে পঢ়াত মন নিদিয়ে। কেনেকৈ দিব বাৰু মোবাইলৰ শিক্ষাত। যদি
সোনকালে স্কুল, কলেজবোৰ নোখোলে তেন্তে সিহঁতৰ মানসিক অৱস্থা আৰু অধিক বেয়া হোৱাৰ অৱকাশ আছে। 

           এগৰাকী দায়িত্বশীল অভিভাৱক হিচাপে মাক- দেউতাকে অস্বস্তি, আশংকা আৰু অনিশ্চয়তা আদিত ভুগি স্বাভাৱিকতে খিং খিঙীয়া   আৰু অশান্ত হৈ পৰে। আচলতে এনে সময়ত প্ৰথমতে তেওঁলোকে নিজেই ধৈৰ্য ধৰি অহেতুক চিন্তা- ভাৱনা নকৰি সন্তানৰ অপৰিপক্ক মনটো বুজাই- বঢ়াই মৰমেৰে স্বাভাৱিক অৱস্থালৈ ঘুৰাই আনিবলৈ চেষ্টা কৰিব লাগে। সন্তানৰ লগত বহি সুন্দৰকৈ কথা পাতিব লাগে আৰু যিমান দূৰ সম্ভৱ সিহঁতৰ লগত সময় কটাব লাগে। সাধাৰণতে সকলো মানুহেই মনে বিচৰা ধৰণে পৰিৱেশ নাপালে বা বিচৰা যিকোনো বস্তু নাপালে উদাস হোৱাটো স্বাভাৱিক কথা।

             বিশেষকৈ নৱ- প্ৰজন্মৰ মাজত ধৈৰ্য্য আৰু সহ্য গুণৰ অভাৱ হৈ পৰিছে। সেয়ে আপোনালোকৰ সন্তানক যিমান পাৰে মৰমেৰে   বুজনি দি ঠিক কৰিবলৈ চাওক। নিজৰ ওপৰত বিশ্বাস ৰাখি আপুনি আগবাঢ়ক, দেখিব আপোনাৰ সন্তানৰ লগতে নিজৰ মনটোও ফৰকাল যেন লাগিব আৰু জীৱনৰ বাটৰ পৰা নিৰাশাজনক কথাবোৰ একেবাৰে নোহোৱা হ'ব।


✍️কুইন বৰা, নগাঁও


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)