Homeঅণুগল্প আৱেগ-সুশীলা ৰাজবংশী September 22, 2021 1 ৰঞ্জনে কামৰ পৰা আহি চাইকেলখন লৈ বজাৰলৈ বুলি ওলাই গ'ল। বৰুৱানীয়ে বজাৰৰ পৰা বস্তুকেইপদ আনিব দিবৰ কাৰণে মানুহ বিচাৰি আছিল।চুবুৰীয়া ৰঞ্জনক লগ পাই ভালেই পালে। তেওঁ বজাৰ কৰি আনি বেগটো বৰুৱানীৰ হাতত দিলে।বেগটো মেলি চাই বৰুৱানীৰ আৱেগত চকুলোঁ বৈ আহিল। বৰুৱানীয়ে আনিব দিয়া বস্তু কেইপদৰ ওপৰঞ্চি বেগটোত কণী আৰু বিলাহী আছিল।ৰঞ্জনে স্মিত হাঁহি তেওঁৰ আৱেগক সন্মান জনাই গুচি গ'ল। ✍️সুশীলা ৰাজবংশী ডিব্ৰুগড় Tags: অণুগল্প সুশীলা ৰাজবংশী
अच्छी लगी ।
ReplyDelete