তাইয়ো অকণো সময় পলম নকৰি বেগ এটাতে নিজৰ কাপোৰ-কানি আৰু প্ৰয়োজনীয় বস্তুবোৰ ভৰাই কান্দি কান্দি বাহিৰলৈ ওলাই আহিল। মাক - বাপেকৰ ভৰি চুই সেৱা কৰিব খোজোতেই দুয়োজনেই নিজৰ ভৰি পিছুৱাই আনিলে। তাইৰ মনত থকা দুখৰ সাগৰখনৰ ঢৌবোৰে বৰকৈ উঠা-নমা কৰিবলৈ ধৰিলে।
: আজিৰ পৰা তই আমাৰ সন্তান নহয়, গতিকে কোনোবা অচিনাকীয়ে আমাৰ ভৰি চোৱাতো আমি ভাল নাপাওঁ।
মাকে কথাষাৰ খঙতে ক'লেনে দুখতে ক'লে মানসীয়ে একো ধৰিবই নোৱাৰিলে।
: হ'ব দিয়া মাঁ। আজিৰ পৰা আৰু মই তোমালোকৰ ভৰি চোৱাতো দূৰৰে কথা তোমালোকক মোৰ মুখো নেদেখুৱাও।
: সেইটোৱেই সকলোৰে বাবে মংগল।
দীপজ্যোতি সেইদিনা ঘৰত নাছিল বাবে সি এইবোৰ একোৱেই গম নাপায়। কান্দি কান্দি ঘৰৰ পৰা ওলাই মানসীয়ে ৰক্তিমলৈ ফোন কৰিলে। অলপ সময়ৰ পাছত ৰক্তিমো বাইক লৈ আহি তাইৰ ওচৰ পালেহি।
: কি হ'ল মানসী? এনি প্ৰব্লেম?
: মই একেবাৰে ঘৰ এৰি গুছি আহিলোঁ।
: কি? মানে কি হ'ল ভালকৈ কোৱাচোন?
মানসীয়ে কান্দি কান্দি সকলোবোৰ কথা তাৰ আগত ক'লে।
: এইবোৰ তুমি কি কৰিলা মানসী? এতিয়া কি হ'ব এবাৰ ভাবি চাইছানে?
: হ'বলৈ আৰু কিতো আছে? এতিয়া তোমাৰ বাহিৰে মোৰ আৰু কোনো নাই। এতিয়াৰ পৰা তুমিয়েই মোৰ সকলো। মাঁ, দেউতা, বন্ধু, দাদা, প্ৰেম আৰু.................
: আৰু কি?
: স্বামী?
: কি? কথাটো শুনি ৰক্তিমৰ চকু কপালত উঠিল।
: "কি" মানে আকৌ কি? ব'লা বিষ্ণু মন্দিৰলৈ যাওঁ।
: মন্দিৰলৈ আকৌ কিয়?
: কি কিয় কিয় কৰি আছা হে তুমি? এই সাধাৰণ কথাটোও বুজি নোপোৱা নেকি? আমি এতিয়া মন্দিৰতে বিয়া হ'ম, তাৰপিছত তোমাৰ লগত তোমাৰ ঘৰলৈ যাম।
: কি? তুমি পাগল হৈছা নেকি? তুমিটো জানাই তোমাৰ মানে আমাৰ সম্পৰ্কটোৰ কথা মই এতিয়ালৈকে আমাৰ ঘৰত কোৱাই নাই।
: তাতে কি হ'ল? কোৱা নাই আজি কৈ দিবা। এতিয়া ব'লা।
কথাষাৰ কৈয়েই তাই গৈ চিধাই বাইকখনৰ ওচৰ পালেগৈ। সি তাতে ৰখি থাকিল। কিন্তু সি তেতিয়াও নহা দেখি তাই গৈ আকৌ তাৰ ওচৰ পালেগৈ।
: কি হ'ল আকৌ? তুমি অহাই নাই যে............
:
:
:........ তুমি মোক ভাল নোপোৱা নেকি? নে আন কাৰোবাক ভাল পোৱা?
: তুমি সঁচাই পাগলী হ'লা। সেইটো কথা নহয়।
: তেন্তে কি কথা? তুমি যদি মোক ভালপোৱা তেন্তে মোক বিয়া পাতিবলৈ ভয় কৰিছা কিয়?..............
... তোমাৰ মাঁ-দেউতাৰ কথা তুমি চিন্তা কৰিব নালাগে, তেওঁলোকক মান্তি কৰোৱাৰ দায়িত্ব মোৰ। হ'ল এতিয়া.....
তাৰপিছতো ৰক্তিমৰ পৰা কোনো সহাৰি নাপাই মানসীয়ে আকৌ ক'লে ---------
: ঠিক আছে। যদি তুমি মোক বিয়া নকৰোৱা, তেন্তে মোৰ জীয়াই থকাৰ কোনো অৰ্থই নাই...........
মৰি যাম মই, অ' আজিয়েই মৰি যাম মই।
: পাগলামি নকৰিবা। ঠিক আছে তেন্তে ব'লা।
হাঁহি মাৰি মানসী জীৱনত তৃতীয় আৰু অন্তিম বাৰৰ বাবে ৰক্তিমৰ বাইকত উঠিল। তাৰ বাইকৰ পিছত তাৰ নিচেই কাষত বহি আৰু তাৰ কান্ধত হাত থৈ তাই যেন মাক-বাপেকক হেৰুৱাৰ সমস্ত দুখ পাহৰি পেলালে। মৃদু-মৃদুকৈ ব'বলৈ ধৰিলে প্ৰেমৰ ঐনিতম মিশ্ৰিত এজাক দেহ-মন শাঁত পেলোৱা কোমল বতাহ। দুয়ো গৈ কিছু সময়ৰ পাছত মন্দিৰ পালেগৈ। মন্দিৰত গৈ দুয়ো দুয়োকে বৰমালা পিন্ধালে আৰু ৰক্তিমে মানসীৰ শিৰত আঁকি দিলে ৰঙা সেন্দুৰৰ ৰূপত সিহঁতৰ প্ৰেমৰ প্ৰথম প্ৰমাণ। সাত জনমলৈ একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে দুয়োৱে নিজৰ যুগ্ম জীৱনৰ পাতনি মেলিলে। কপালত লোৱা ৰঙা ফোটতো আৰু শিৰত লোৱা ৰঙা সেন্দুৰ খিনিতকৈও মানসীৰ মুখখনহে বেছিকৈ উজ্বলি উঠিল। আজি মানসী বহুত সুখী কাৰণ তাইৰ আৰু তাইৰ ৰক্তিমৰ সম্পৰ্কটোৱে এটা নাম পালে "স্বামী-স্ত্ৰী", "পতি-পত্নী"। জনম জনমলৈ দুয়ো দুয়োৰে হৈ গ'ল বুলি ভাবি মানসীৰ আনন্দৰ সীমা নোহোৱা হ'ল। চকুৰে বৈ গ'ল দুধাৰি সুখ আৰু আনন্দৰে ভৰা চকুপানী, য'ত মাক - দেউতাকক চিৰদিনলৈ এৰি থৈ অহাৰ দুখৰ ক্ষুদ্র পৰমাণু এটাও নাই। কিন্তু কিমান সময়লৈ তাইৰ এই সুখ? কিমান সময়লৈ তাইৰ প্ৰথম প্ৰেমৰ প্ৰাপ্তিৰ আনন্দ? কিমান সময়লৈ?
বিয়া শেষ হোৱাৰ পিছত দুয়োজনে পূজাৰী জনক আৰু ভগৱানক সেৱা কৰি ৰক্তিমৰ ঘৰলৈ গ'ল। কিন্তু সেৱা কৰোঁতে দুয়োটাই বাৰু ভগৱানৰ পৰা কি বিচাৰলে? মানসীয়ে নিশ্চয় এখন সুখ, শান্তি আৰু মৰমেৰে ভৰা আনন্দৰ সংসাৰ বিচাৰিলে! কিন্তু ৰক্তিমে?
...আগলৈ.....
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ