সময়ৰ চাকনৈয়াত ক'ত গুচি গ'ল ,
সময়ে মোক লৈ গৈছে নে মই সময়ক ?
এই উত্তৰে মোক খুলি খুলি খাইছে ।
মই আকৌ উভতি যাব খোজোঁ ,
মই উভতি চাব খোজোঁ অতীতৰ সেই পৃষ্ঠাবোৰ
সকলোৰে নিভাঁজ মৰম চেনেহ বোৰ
আকৌ এবাৰ বিচাৰো ।
স্বাৰ্থপৰ সমাজৰ নিস্বাৰ্থ মৰম বিচাৰো।
যান্ত্ৰিকতাৰে ভৰা এই পৃথিৱীত অযান্ত্ৰিকতাৰে
জীয়াই থাকিব খোজোঁ ।
অতীতৰ সমাজত নাৰীৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা ,
আকৌ এবাৰ বিচাৰো ।
নাৰী হত্যা, ধৰ্ষণ, ভ্ৰুণ হত্যাৰ
বিপৰীতে
নাৰী স্বাধীন এখন দেশত থাকিব খোজোঁ,
পামনে আকৌ ঘূৰাই সেই সময়বোৰ ..... ???