বাচি খাবা জাগি শুবা- হেমেন হাজৰিকা



  এগৰাকী পুষ্টি বিজ্ঞানী ডাঃ শ্রীকৃষ্ণ মুৰাৰীয়ে এবাৰ এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছিল | 
      ধনী মানুহৰ ৰোগবোৰ পৰিহাৰ কৰি চলিব খুজিলে সদায় দুখীয়া মানুহে খোৱা আহাৰ খাবা | কথাষাৰ কিমান গুৰুত্বপূৰ্ণ এতিয়া ভাবি চোৱাৰ অৱকাশ পালো |
     আন এগৰাকী মহান লেখক ডাঃ খ্রীষ্টিয়ান বাৰ্নাড তেখেতে কৈছিল "A Simple well-balanced diet with the right combination of food will supply all the necessary nutrients and at far less cost."
    দুয়ো গৰাকী লোকৰ কথা কেইটাই মোৰ মন আৰু মগজু জোকাৰি গ'ল | আজিৰ দিনটোলৈ মই খোৱাৰ ক্ষেত্রত ইমান সজাগ আৰু সচেতন নাছিলো | লাহে লাহে খাবা , এই একেবাৰে সৰু বাক্য শাৰীৰ গুৰুত্ব এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ | এই একেবাৰে সৰু কথাটো আমি নিজৰ অভিজ্ঞতাৰ পৰাই জানো | 
     মই সৰু থাকোঁতে মোৰ আইতাই কোৱা এষাৰ কথা মনত পৰিছে | মোৰ আইতা শিক্ষিত নাছিল | বিদ্যালয়ৰ বাৰাণ্ডা গচকি নেপোৱা আইতাই ইমান জ্ঞান গম্ভীৰ কথা কেনেকৈ জানিছিল | আইতাই কৈছিল বাচি খাবি জাগি শুবি | খোৱাৰ ক্ষেত্রত মোৰ কোনো বিলাসীতা নাই | কেৱল মুখত জুতি লগা , ৰুচিকৰ সাধাৰণ আহাৰ খাবলৈ মই সাধাৰণতে বেছি ভাল পাওঁ |
     এনে গৰমৰ দিনত পঁইতা ভাত , লগত কঠালগুটি পোৰা বেঙেনা পোৰা , আলু পোৰা , গৰৈ মাছ পোৰা , কেঁচা পিঁয়াজ এডোখৰ মিঠাতেল অলপমান পানী ঢালি খোৱা এসাঁজ ভাত মোৰ বৰ প্রিয় | ইয়াত কোনো বিলাসীতা নাই | একেবাৰে সাধাৰণ এসাঁজ ভাত | সেই বুলি আন আন খাদ্য সমূহো মোৰ অপ্রিয় নহয় | তেনে সাঁজ ভাত মই বৰ তৃপ্তিৰে খাওঁ | খাই আনন্দ পাওঁ | আহাৰ খাই উঠি নিজে পোৱা মানসিক তৃপ্তিয়ে হেনো আহাৰ হজম নিয়াত সহায়ক হয় , ই পৰম আনন্দ |
      আইতাই কোৱা বস্তু লাহে লাহে খাবি , খাওঁতে কথা নাপাতিবি , পৰিস্কাৰ হৈ খাবি কথাষাৰত মই এতিয়া বিজ্ঞান মনস্কতাৰ উমান পাওঁ | খোৱাৰ পৰিৱেশটো শান্ত , পৰিস্কাৰ আৰু আনন্দদায়ক হ'ব লাগে | ধীৰে সুস্থিৰে , লাহে লাহে , প্রত্যেক গৰাহ আহাৰ পৰিপূৰ্ণ ভাৱে উপভোগ কৰি গ্রহণ কৰিব লাগে | আহাৰ খোৱাৰ ক্ষেত্রত উত্তম নিয়মটো হ'ল আহাৰখিনি মুখৰ ভিতৰত ইমান সময় ধৰি লাহে লাহে চোবাব লাগে যাতে জিভাৰ পৰা ওলোৱা পাচক ৰসে আহাৰখিনি মুখতে আধা আধি হজম কৰি পেলায় |
      অধিক খৰকৈ আহাৰ গ্রহণ কৰিলে খোৱা বস্তুখিনি ভালকৈ চোবোৱা নহয় | আধা চোবোৱা আৰু আধা নোচোবোৱাকৈ পেটলৈ গৈ বদ হজমৰ সৃষ্টি কৰিব পাৰে | খাই থাকোঁতে খৰকৈ খোৱাৰ ফলত খাদ্য বস্তু সমূহ শ্বাস নলীৰে গৈ আমাৰ কাহ উঠাব পাৰে যাক আমি চৰ্চনি খোৱা বুলি কওঁ | কথা কওঁতেও তেনে হ'ব পাৰে | এবাৰ দেশৰ ভূতপূৰ্ব প্রধান মন্ত্ৰী মোৰাৰজী দেশাইয়ে খৰকৈ আহাৰ গ্রহণ কৰা এজন ব্যক্তিক খঙেৰে কৈছিল তুমি ভাবিছা নেকি যে তোমাৰ পেটৰ ভিতৰটো আৰু দুপাৰি দাঁত আছে | তেন্তে কথাষাৰ বাৰু গুৰুত্বপূৰ্ণ নহয়নে ?
    পুনৰ আইতাৰ কথাষাৰকে দোহাৰিব খুজিছোঁ | সেই তেতিয়াৰ দিনতে আজিৰ আজিৰ বৈজ্ঞানীকভাবে স্বীকৃত কথাবিলাক আইতাহঁতে কেনেকৈ জানিছিল ? আমি আজিৰ দিনটোৰ ব্যস্ততাৰ দোহাই দি আমাৰ খাবলৈকো সময় নাই বুলি খৰ-খেদাকৈ যেনেতেনে নাকে কাণে গুজি , পাৰিলে ঠিয় হৈয়ে খপজপ কৰি খালো আৰু নহ'লে বাহিৰতে খাই ল'ম বুলি গ'লো ওলায় | বাহিৰৰ খাদ্যসমূহ কিমান স্বাস্থ্যসন্মত সেয়া ভাবিবলৈ আমাৰ অৱকাশ নাই | কিহৰ বাবে আমাৰ ইমান ব্যস্ততা ? খোৱাৰ কোনো নিৰ্দিষ্ট সময় নাই , সেয়াও আমাৰ এটা বদ অভ্যাস | আহাৰ সদায় নিৰ্দিষ্ট সময়ত গ্রহণ কৰিব লাগে | সোনকালে আহাৰ গ্রহণ কৰা অভ্যাস গঢ়ি তুলিব লাগে | 
      ইয়াৰ পিছত আহো জাগি শুৱাৰ কথালৈ | জাগি শুৱা মানে মনত এটা ধান্দা ৰাখি শুব লাগে | পাটীত পৰাৰ লগে লগে একেবাৰে কুম্ভকৰ্ণ পৰা দিয়াটো শুভ লক্ষণ নহয় | শুৱা অৱস্থাত কোনোবাই দাঙি লৈ গলেও ক'ব নোৱাৰা লোক এই ভাৰস্তত আছে | তেনে লোকৰ কোনো দ্বায়িত্বজ্ঞান নথকা যেন ভাব হয় | শুই থকা অৱস্থাত কাৰোবাৰ মাতে আমাক যাতে টোপনিৰ পৰা উঠাব পাৰে তেনে মনোভাৱ এটা ৰাখি পাটীত পৰিলে আমাক সেই সজাগতা প্রদান কৰে | আনহাতে কুম্ভকৰ্ণ স্বভাৱৰ বাবে আমাৰ কেতিয়াবা বিপদ ঘটিব পাৰে | এনে সৰু সৰু কথা কিছুমানৰ আঁৰত প্রকৃততে বৃহৎ সত্যতা লুকাই থাকে | আমি আওকাণ কৰি চলে বাবে আমাৰ আহুকালৰ অন্ত নাই |
    যি সকল লোকৰ মেদ বহুলতা আছে আৰু তেওঁলোকে নিৰন্তৰ নিজৰ মেদ বহুলতা হ্রাস কৰাৰ চেষ্টাত আছে তেওলোকে ৰৰ্বাট গ'ল্ডমেন নামৰ এজন বিজ্ঞানীয়ে দিয়া এটা উপদেশ মানি চলিব পাৰে | A corollary to the habit of eating less is the habit of eating slowly. When you take your time savouring each morsal, the apatite is more readly appeased than when you Bolt your food  .

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send