কিন্তু ভিতৰি জ্বলে।
মমৰ দৰে জ্বলি জ্বলি
ভিতৰি গলে।
দেখুৱাই নকন্দা মানুহবোৰ
ভিতৰি শিল হৈ পৰে।
কুলু-কুলু নিজৰাৰ সোঁতত;
শিলাখণ্ড বহুৱাই থোৱাৰ দৰে।
দেখুৱাই নভবা মানুহবোৰ
ভিতৰি চিন্তা নামৰ পোকটোৰ দংশনত শেষ হয়।
নীলা আকাশত কলীয়া ডাৱৰে;
নিশাৰ জোনটিক যেনেকৈ গিলি থয়।
দেখুৱাই পৰিশ্ৰম নকৰা মানুহবোৰ
ভিতৰি তুমুল যুদ্ধত নামে ।
স্মাৰ্ট ৱৰ্ক কৰি ভাল পোৱা বুলি জনাজাত হ’লেও;
যেনেকৈ হাৰ্ডৱৰ্কেৰে চমৎকিত সফলতা আৰ্জে।
দেখুৱাই বহুত কথা নোকোৱা মানুহবোৰ
ভিতৰি ক্ষোভ ,হতাশা ,আক্ষেপত দহে।
এজাক বৰষুণ হোৱাৰ আগত বতৰটোৱে;
যেনেকৈ গাজনি, ঢেৰেকণি, বিজুলী সহে।
দেখুৱাই নুবুজা সাঁথৰ ,
ভিতৰি এপেৰা কথাৰ ভাণ্ডাৰ ,
এনেকৈয়ে নেদেখুৱাই একো ,
মানুহবোৰ যুগে যুগে বৈ যায় .......।।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ