জালুকবাৰীৰ সন্ধ্যাবোৰ,
সন্ধ্যাবোৰলৈ মোৰ ঈৰ্ষা লাগে
তোমাৰ সমগ্ৰ দেহটোকেই আকোৱালি ধৰে,
উদণ্ড ল'ৰাবোৰে সপোন দেখে
জোনাক ৰাতি ষ্ট্ৰীট লাইটৰ পোহৰত তোমাক ৰাখি কবিতা লিখাৰ।
তুমি যিদিনা ইউনিভাৰ্চিটি এৰি গুচি গ'লা, ঠিকনাও নাপালোঁ
চিঠিবোৰ পোষ্ট কৰা নহ'ল...
আৰু সপোনবোৰ
মাজে মাজে বিচাৰি চাওঁ
ষ্ট্ৰীট লাইটৰ পোহৰত, দীঘলীপুখুৰীৰ পাৰত আৰু আমি বহা সেই ৰেষ্টুৰেন্টখনত
সকলোবোৰ চোন উদাস
মোৰ অবৰ্তমানত,
তুমিহীনতাত এতিয়াওঁ মোৰ দৰে উদাস দীঘলীপুখুৰী।
ৰেষ্টুৰেন্ট আৰু জালুকবাৰীৰ প্ৰতিটো সন্ধ্যা।।