যেন জীৱনটো এটা নাটকৰ মঞ্চ
কৰি গৈছো সুত্ৰধাৰী পুতলাৰ দৰে অভিনয়
দুখতো হাঁহিছো, সুখতো হাঁহিছো
যেন নিজেই নিজক হেৰুৱাই পেলাইছোঁ।
নিজৰ কিছু সপোনবোৰক সমাধিস্থ কৰি
এটি মিছা হাঁহিৰে পাৰ কৰিছোঁ দিনবোৰ
যেন সুখবোৰ মোৰ ক্ষণস্থায়ী।
জীৱনৰ সমিধান বিচাৰি বিচাৰি
দৌৰি ফুৰিছোঁ প্ৰতিটো দিনে-নিশাই,
যেন কোনো ঠিকনা বিহীন লক্ষ্য
নাজানো ইয়াৰ অন্ত ক'ত আৰু কেতিয়া.....?
উজাগৰী নিশাৰ, অশ্ৰুসিক্ত হৃদয়ৰ
কান্দোন জানোঁ কোনোবাই বুজি পাব
আজিৰ বাস্তৱিকতাৰ চহৰত যেন মই
কেৱল অৱহেলিত আৰু অৱহেলিত।
মানুহবোৰ খুবেই অদ্ভুত
যেন যন্ত্ৰচালিত মেচিন
মানুহে মানুহক ব্যৱহাৰ কৰিৱ বিচাৰে।
কিছু সৃষ্টি কৰ্তাৰ সৃষ্টিৰ অৱহেলাৰ ক্ষেত্ৰতো
এই খন সমাজৰ মানুহে অযোগ্য বুলি বিবেচনা কৰে,
কিন্তু কি কৰিম মই যে উপায়হীন.....।
ভাগৰি পৰিছোঁ !!!
জীৱন নামৰ নাটকখনিত
এতিয়া মঞ্চ বিহীন নাটৰ পৰি সমাপ্তিত
এই ক্লান্তময় হৃদয়ে মৃত্যুৰ অপেক্ষাত
ৰৈ আছে.....।
✍️মিনহাজ উদ্দিন (বৰপেটা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ