কিতাপ পঢ়াৰ আনন্দ - দিগন্ত বৈশ্য

Rinku Rajowar
0
গ্ৰন্থৰ নাম:: "সপোনৰ খোলা খিৰিকী"।
বিষয়:: কাব্যপুথি।
কবি:: প্ৰাণজিৎ মহন্ত।

     অসমৰ এগৰাকী আগশাৰীৰ কবি প্ৰাণজিৎ মহন্তৰ অসমীয়া কাব্য জগতলৈ এক অমূল্য উপহাৰ "সপোনৰ খোলা খিৰিকী।"নিৰ্জনতাৰ কবি"নীলমণি ফুকন উৎসৰ্গিত এই কাব্যপুথিত  থকা ২৮ টা কবিতাই নিজ নিজ বৈশিষ্টৰে সুন্দৰ। প্ৰতিটো কবিতাতেই বাজি আছে কবিৰ আপোন সুৰ। প্ৰাণজিৎ মহন্তৰ কবিতাৰ এক বিশেষ বৈশিষ্ট্য হ'ল --"কবিতা পঢ়ি শেষ হৈ যায়, কিন্তু পাঠকৰ হৃদয়ত বাজি থাকে অমিয়া সুৰ। "সহজ-সৰল নিভাঁজ ভাষাত লিখা কবিৰ কবিতাৰ যি গূঢ় অৰ্থ, সেয়া পিছে বুজাটো বৰ সহজ নহয়। আনহাতে, কবিতা বুজিবলৈ নগ'লেহে সোৱাদ, বুজিবলৈ গৈ বুজিব নোৱাৰিলে আমেজ নাথাকে।

            পুথিখনৰ মূল বিষয়বস্তু প্ৰেম, প্ৰাকৃতিক সৌন্দৰ্য, চিৰন্তন সত্য, দুখবোধ ,বাস্তৱ জীৱনত হোৱা মানুহৰ সহজ উপলব্ধি ইত্যাদি যদিও প্রেমে ইয়াত বিশেষ গুৰুত্ব পাইছে।
                  পুথিখনৰ আটাইবোৰ কবিতা আলোচনা কৰা এই ক্ষুদ্ৰমান লেখাত সম্ভৱ নহয়। আমি কেইটামান নিৰ্দিষ্ট কবিতাৰহে ইয়াত আলোচনা কৰিম।

                    পুথিখনৰ ৪নং কবিতা" ঘটনাবোৰ যিকোনো সময়ত ঘটি যাব পাৰে"কবিতাত প্ৰকাশ পাইছে যে কোনো ঘটনাই অস্বাভাৱিক নহয়, সকলো ঘটনাই স্বাভাৱিক। যি ঘটনাই নহওঁক, সকলো স্বাভাৱিকভাৱেই ল'ব লাগিব, আমাৰ স্বাৰ্থপৰ মনোভাৱৰ  বাবে গুৰুত্বৰ কম-বেছ হ'লেও  সময়ৰ তুলাচনীত উঠা সকলো ঘটনাৰ মূল্য সদায় একেই।
                      পৃথিৱীত প্ৰেম যে মহান, ইয়াৰ গভীৰতা যে সাগৰতকৈয়ো বেছি, সেয়া প্ৰকাশ পাইছে ৭নং কবিতা"ফুলবোৰে ও নাজানে"কবিতাত।ফুল, সুমথিৰা, নৈ কোনেও যেন প্ৰেমৰ বিষয়ে নাজানে, জানে কেৱল সাগৰে। অৰ্থাৎ প্ৰেমৰ গভীৰতা যেন সাগৰতকৈও বেছি।
             
             এইটো বাটেৰে নাযাবা/এইটো বাটৰ কাষত/ফুলা নাই কোনো ফুল/নৈ নাই নিজৰা নাই/এইটো বাটেৰে নাযাবা/এইটো বাটেৰে গ'লে/তুমি বাটত লগ পোৱা/কোনো মানুহে নিদিয়ে/তোমাৰ কথাৰ উত্তৰ/--------------------/কাৰণ এইটো বাটেৰে/ কোনো উভতি অহা নাই।-----১২ নং এই কবিতাত প্ৰকাশ পাইছে যে মৃত্যু পৃথিৱীৰ চিৰন্তন সত্য। এই সত্য কোনেও ৰুধিব নোৱাৰে। যদি জন্ম আছে, তেন্তে মৃত্যু অনিবাৰ্য।
          
         পুথিখনৰ ১৪ নং কবিতা"আনিছা নেকি প্ৰেম"শীৰ্ষক কবিতাৰ যোগেদি কবিয়ে বুজাব বিচাৰিছে যে পৃথিৱীত প্ৰেম এক স্বৰ্গীয় অনুভূতি। পৃথিৱীৰ চাৰিমুঠি জীৱ উৰণ-বুৰন-গজন-ভ্ৰমণৰ আটায়ে যেন প্ৰেমৰ বাবে উদ্বাউল। কোনেও যেন এই প্ৰেমৰ পৰা দূৰত থাকিব নিবিচাৰে। সকলোৱে যেন বেজবৰুৱাই কোৱাৰ দৰে "প্ৰেমত ঘুৰিছে ভূমণ্ডল/প্ৰেমত ফুলিছে শতদল।"
                       "নৈসৰ্গিক" কবিতাটি কবিৰ যাদুকৰী হাতৰ স্পৰ্শত মায়াময় শব্দ জালেৰে আৰু যেন সুন্দৰ হৈ উঠিছে। ইয়াত চিত্ৰিত হৈছে প্ৰকৃতিৰ এখনি মনোৰম চিত্ৰ। কাতিৰ কুঁৱলীয়ে মানুহ কিয়, প্ৰকৃতিকো যে হাৰ মনায়, তাৰ এখনি চিত্ৰ আমি পাওঁ এনেদৰে---"কাতিৰ কুঁৱলীৰ মাজত/মনি পোৱা নোপোৱাকৈ/ফুল-ফল গছ-লতা চৰাই/আৰু এটা পাহাৰ/পাহাৰটোৰ সিপাৰত/গধূলিৰে পৰা আহি/মন মাৰি বহি আছেহি/অকলশৰীয়া এটা তৰা।"

       কবিতাপুথিখনৰ এটা  অতি আকৰ্ষণীয় কবিতা"লৰ্কাক সুঁৱৰি"। বিশ্ববিশ্ৰুত কবি "গাৰ্থিয়া লৰ্কা"ক লৈ লিখা এই কবিতাৰে কবিয়ে প্ৰকৃত প্ৰেমৰ এটা আভাস দিছে। প্ৰকৃত প্ৰেমৰ অৰ্থ হয়তো এয়াই য'ত পৰস্পৰে পৰস্পৰৰ  কথা চিন্তা কৰে আৰু তেতিয়াই প্ৰেম যুগজয়ী হয়।

        কবিতাপুথিৰ ২২ নং কবিতা"এটা দিন আছিল"শিৰোনামেৰে আৰম্ভ হোৱা কবিতাটি এটি বাচকবনীয়া কবিতা। অতীতবোৰেই যে মনোমোহা আছিল, ভাল লগা আছিল, তাৰ চিত্ৰ এখনি ইয়াত ফুটাই তোলা হৈছে।

                   "  মাটিৰ মানুহ" কবিতাটি কবিৰ এক অমূল্য সৃষ্টি। এই পৃথিৱীত মানুহে গছ, পানী, চৰাই, ফুল সকলো হ'ব বিচাৰে, কিন্তু হ'ব নোৱাৰে। হৈ পৰে মাটি, মিহলি হৈ যায় মাটিত, শেষমূহুৰ্তত মাটিয়েই হৈ পৰে মানুহৰ শেষ পৰিচয়, আশ্ৰয়স্থল।

                        মুঠতে,"সপোনৰ খোলা খিৰিকী"অসমীয়া কাব্যজগতৰ এক অমূল্য কাব্য-
পুথি ।পাঠকে এই কাব্যপুথি পঢ়ি পুথিখনৰ ৰস আস্বাদন কৰিব বুলি আশা কৰিলোঁ।

                                    
✍️ দিগন্ত বৈশ্য।
     শুৱালকুছি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)