তোমাৰ সপোনবোৰ
কিমান পূৰ্ণ হৈছে?
তুমি কিমান সফল হৈছা?
মনে বিচাৰিলেও পোৱা নাযায়,
আকৌ কেতিয়াবা
নিবিচাৰিলেও পোৱা যায়!
তুমি সলনি নহওঁ বুলি কলেও
পৰিস্থিতিয়ে বাধ্য কৰায়,
তোমাক সলনি হ'বলৈ।
ভুলবোৰ কেতিয়াবা
অজানিতে হৈ যায়
সেই ভুলবোৰৰ প্ৰশ্ন
এতিয়া জীৱনে কৰিছে.....
আজি মৌন হৈছোঁ
নিৰোত্তৰ হৈছোঁ মই।
🔏 মানসপ্ৰীতম শইকীয়া।
লক্ষীমপুৰ।